Breaking

চিলাপথাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দ’ খাৱৈত বাগৰি পৰিল টেংকাৰ

0 1,072

চিলাপথাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দ’ খাৱৈত বাগৰি পৰিল টেংকাৰ ; আহত তিনিজন ; এজনৰ অৱস্থা সংকটজনকঃ আজি ১১.৩০ বজাত এখন পেট্ৰোল ডিজেল ভৰ্তি টেংকাৰ চিলাপথাৰৰ গেলুৱা তিনিআলিত মেৰচাপৰি পিপৰগুৰিৰ মানচিং পামে নামৰ এজন বয়োজেষ্ঠ চাইকেল আৰোহীক খুন্দা মাৰি পথৰ দাঁতি কাষৰ দ’ খাৱৈত বাগৰি পৰে । গুৰুত্বৰ ভাবে আহত মানচিং পামেক ইতিমধ্যে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।আনহাতে কিছু পৰিমাণে আঘাতপ্ৰাপ্ত টেংকাৰৰ ড্ৰাইভাৰ আৰু হেণ্ডিমেনক চিচিবৰগাঁও আৰক্ষী থানালৈ লৈ যোৱা হয় ।

টেংকাৰখনৰ নম্বৰ হ’ল AS 23 HC 3361. । ইতিমধ্যে ঘটনা স্হলীত চিচিবৰগাঁও আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

Leave A Reply