Breaking

মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান ক্ষতিগ্ৰস্ত ক্ষুদ্ৰ চাহ খেতিয়কৰ

0 48

টিংখাং

সমগ্ৰ দেশত ক’ৰোনা ভাইৰাছৰ বাবে বলবৎ কৰা  লকডাউনৰ সমছোৱাত ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ বিস্তৰ ক্ষতি সাধন হয়৷ উজনি অসমৰ ক্ষুদ্ৰ চাহ বাগিচা অধ্যূষিত ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ হোৱা ক্ষয়ক্ষতি আৰু তাৰ পৰিত্ৰাণৰ উপায় বিচাৰি সমষ্টিটোৰ বিধায়ক বিমল বড়াৰ যোগেদি মঙলবাৰে সমষ্টিত থকা সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ অন্তৰ্গত সাতখন আঞ্চলিক সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ যুটীয়াভাৱে এখন স্মাৰকপত্ৰ প্ৰদান কৰে। স্মাৰকপত্ৰখনত বিশেষকৈ প্ৰতিগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচালৈ জৈৱিক আৰু ৰাসায়নিক সাৰ অনুদান হিচাপে প্ৰদান কৰা, ক্ষুদ্ৰ চাহ খেতিয়কক কম পক্ষেও বিছ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান আৰু  ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচা বীমাকৰণৰ দাবী কৰিছ। উল্লেখ্য যে সমষ্টিটোত  সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ অধীনত থকা টিংখাং, ধমন, শালমাৰী, মাহমৰা, জৰিগুৰি, শ’লগুৰি আদি সাতখন আঞ্চলিক সমিতিৰ পোন্ধৰ সহস্ৰাধিক  ক্ষুদ্ৰ চাহ খেতিয়ক আছে। স্মাৰকপত্ৰখন টিংখাং আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি সুবোধ কুমাৰ গগৈ, সম্পাদক তপন চেলেঙে বিধায়ক বিমল বড়াৰ হাতত অৰ্পন কৰি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিছুদিনৰ পূৰ্বে  সমষ্টিটোৰ দুৰ্দশাগ্ৰস্ত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সৈতে স্থানীয় বিধায়কগৰাকীৰ সহযোগত টেলিফোন যোগে এক বাৰ্তালাপত মিলিত হৈ  সমস্যাৰ বুজ লৈছিল।  

Leave A Reply