Breaking

চাহ বাগিচা কৰ্তৃপক্ষৰ হিটলাৰী নীতিৰ বিৰুদ্ধে সৰৱ আটছা স্বতন্ত্ৰ : দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ দাবীৰে জিলা উপায়ুক্তক স্মাৰকপত্ৰ

0 75

নাজিৰা

  লকডাউনৰ সময়ছোৱাত চৰকাৰে পত্ৰ নং এল ই ১৬/২০১৮/৪০৩৫-৯৮ তাৰিখ ২১ মাৰ্চ , ২০২০ যোগেদি অসমৰ সমগ্ৰ চাহ বাগিচা কৰ্তৃপক্ষক আদেশ জাৰি কৰে যে চাহ বাগিচাৰ স্থায়ী-অস্থায়ী, শ্ৰমিক, উপ-কৰ্মচাৰী আৰু কৰ্মচাৰীসকল শ্ৰম আইনৰ অধীনত লাভ কৰি অহা প্ৰাপ্যসমূহৰ লগতে সাহায্যৰ ধন আদায় দিব লাগে। কিন্তু বাগিচা কৰ্তৃপক্ষই চৰকাৰৰ এই নিৰ্দেশনাক আওকাণ কৰি হিটলাৰী নীতিৰে নিৰ্দয়ভাৱে দৰমহা, ৰেচন আৰু সাহায্য আদি কৰ্তন কৰি এনে এক মাৰাত্মক দূৰ্যোগৰ সময়ত প্ৰাপ্য সম্পূৰ্ণ আদায় দি শ্ৰমিক, কৰ্মচাৰীসকলক ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিবলৈ মানসিকভাৱে শক্তিশালী কৰাৰ বিপৰীতে মানসিক ভাৱে দূৰ্বল কৰাহে দেখা পোৱা গৈছে। অসমত এই বৃহৎ চাহ শ্ৰমিক, কৰ্মচাৰীৰ প্ৰতি বাগিচা কৰ্তৃপক্ষ, বাগিচা মালিক গোষ্ঠী আৰু মালিকগোষ্ঠীৰ অভিভাৱক স্বৰূপ সংস্থাসমূহ ক্ৰমে এবিটা, টাই, নেটা, বি চি পি আৰু এ টি পিয়ে শ্ৰমিক, কৰ্মচাৰীসকলৰ প্ৰতি কিমান দায়বদ্ধ? উল্লেখযোগ্য যে ক’ৰোনা ভাইৰাছ বিশ্বৰ ইতিহাসত এটা ক’লি অধ্যায়, এই সময়ছোৱাত প্ৰাপ্য কৰ্তন কৰি এৰিয়া হিচাপে ভৱিষ্যতে দিয়াৰ যি প্ৰলোভন, ই অত্যন্ত দূৰ্ভাগ্যজনক আৰু সেই বিষয়া-মূৰব্বীসকলৰ বাবে লজ্জাজনক বুলি আটছা স্বতন্ত্ৰই সৰৱ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ তদুপৰি আটছাৰ শিৱসাগৰ জিলা ( স্বতন্ত্ৰ ) সমিতিয়ে সমগ্ৰ বিষয়টো দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ যোগেদি এনে বাগিচাৰ জ্যেষ্ঠ, মুখ্য আৰু প্ৰধান পৰিচালখসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে শ্ৰমিক, উপ – কৰ্মচাৰী আৰু কৰ্মচাৰীসকলৰ ন্যাৰ্য প্ৰাপ্য সমূহ বাগিচা কৰ্তৃপক্ষৰ পৰি মোকলাই দিয়াৰ দাবীত এখনি স্মাৰকপত্ৰ শিৱসাগৰ জিলা উপায়ুক্তক প্ৰদান কৰি বিষয়টোৰ প্ৰতিলিপি আকাৰে গৃহ সচিব, ভাৰত চৰকাৰ, যুটীয়া গৃহ সচিব, ভাৰত চৰকাৰৰ মুখ্য সচিব, অসম চৰকিৰকো অৱগত কৰিছে৷ এক বিবৃতি যোগে আটছা স্বতন্ত্ৰৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি সুৰেশ তাতী আৰু সম্পাদক ঔম প্ৰকাশ চিকে জানিবলৈ দিয়ে৷

Leave A Reply