Breaking

অসমত চাহ পৰ্যটনে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব – আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱসত উদ্যোগ মন্ত্রী বিমল বড়া

0 150

চাহ বাগিচা অঞ্চলত চাহ পৰ্যটনে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে-ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ আৰু ভাৰতীয় চাহ বৰ্ডে যুটীয়া ভাৱে খানাপাৰাৰ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজন কৰা আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাবে অংশগ্রহণ ৰাজ্যৰ উদ্যোগ মন্ত্রী বিমল বড়াৰ।

চাহ বাগিচাৰ ৫ শতাংশ ভূমি অন্য কামত বিশেষকৈ পৰ্যটনৰ বাবে ব্যবহাৰৰ ক্ষেত্রত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ কথা উনুকীয়াই মন্ত্রী বড়াই অসমৰ চাহৰ দ্বিশতবাৰ্ষিকী উদযাপনৰ সময়ত অসমৰ চাহক এক সুস্বাদু পানীয় হিচাবে বিশ্বৰ প্ৰতিটো কোণলৈ লৈ যাবলৈ চাহ উদ্যোগী সকলক আহ্বান জনায়।


এই অনুষ্ঠানতে অসমৰ চাহৰ দ্বিশতবাৰ্ষিকী উপলক্ষে এক প্ৰতীক চিহ্নও মন্ত্রী গৰাকীয়ে উন্মোচন কৰাৰ লগতে
ক্ষুদ্র চাহ খেতিয়ক সকলক উদ্গনি যোগোৱাৰ উদ্দেশ্যে চাহ উপকৰ প্ৰয়োগ নীতিৰ অধীনত ২৮টা গোটক কেঁচাপাত কঢ়িওৱা বাহন ক্ৰয়ৰ বাবে ৰাজ সাহায্যও বিতৰণ কৰে।


উল্লেখ্য যে চাহৰ ওপৰত থকা আন্ত:চৰকাৰী গোটে ২০১৯ৰ ২১মে ত আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱস পালনৰ বাবে লোৱা সিদ্ধান্তৰ পাছত ৰাষ্ট্ৰ সংঘই ২০২০ৰ ২১ মেত প্ৰথম বাৰৰ বাবে আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন কৰিছিল।


ৰাজ্য চৰকাৰে এই বছৰ অসমৰ চাহৰ দ্বিশতবাৰ্ষিকী বিভিন্ন কাৰ্যসূচীৰে উদযাপনৰ ব্যবস্থা গ্রহণ কৰিছে।

আন্ত ৰাষ্ট্ৰীয় চাহ দিৱসৰ এই কাৰ্যসূচীত চাহ উদ্যোগৰ সৈতে জড়িত সকলৰ লগতে সাংসদদ্বয় হৰেণ সিং বে আৰু কামাখ্যা প্ৰসাদ টাছা, অসম চাহ কোম্পানি লিমিটেডেৰ অধ্যক্ষ ৰাজ দ্বীপ গোৱালা, অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ সচিব ড° লক্ষ্মণন এছকে ধৰি ভাৰতীয় চাহ বৰ্ড তথা তাহলে জড়িত বিভিন্ন সংস্হাৰ বিষয়া-প্ৰতিনিধি সকল উপস্থিত আছিল।

Leave A Reply