Breaking

ৰঙিয়াত শিক্ষক দিৱস উদযাপন

0 2,083

শিক্ষক দিৱসৰ লগত  সংগতি ৰাখি ৰঙিয়াস্থিত কৃষক শ্বহীদ ভৱনত প্ৰয়াত সংস্কৃত পণ্ডিত বাণেশ্বৰ দেৱ শৰ্মা ৰাজ্যিক কৃতি শিক্ষক বটাঁ প্ৰদান অনুষ্ঠান আয়োজন কৰা হয়। সংগীত গ্ৰুপ অব ক্ৰিয়েচন ৰঙিয়াৰ দ্বাৰা আয়োজিত অনুষ্ঠানত এইবেলি শিক্ষক বটা প্ৰদান কৰা হয় ডিব্ৰুগড় জিলাৰ বামুণবড়ী হাইস্কুলৰ কৃতি শিক্ষক সতীশ চন্দ্ৰ চুতীয়া দেৱক । আয়োজক পংকজ পল্লৱ শৰ্মাই জনোৱা মতে বিগত তিনিবছৰ ধৰি তেওঁলোকে ৰাজ্যৰ কৃতি শিক্ষক,শিল্পী সাহিত্যিক সকলক বিভিন্ন প্ৰকাৰে সন্মানিত কৰি আহিছে বুলি জনাই। আজিৰ অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃণালিণী দেৱীয়ে  শিক্ষক দিৱস উপলক্ষে বহুমূলীয়া ভাষণ ৰাখে।আনহাতে উক্ত অনুষ্ঠানত ৰঙিয়াৰ স্থানীয় বিধায়ক ভবেশ কলিতাকে ধৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply