Breaking

সদৌ টাই আহোম ছাত্ৰ সন্থা,লাচিত শাখাৰ সহযোগত শিক্ষক দিৱসৰ আয়োজন

0 2,122

 ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিৱসৰ দিনা সমগ্র ভাৰতবৰ্ষতেই পালন কৰা হয় শিক্ষক দিৱস। শিক্ষক সকলক যথোপযুক্ত সন্মান প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে সমগ্র দেশতেই ৫ ছেপ্টেম্বৰ দিনটোত পালন কৰা হয় শিক্ষক দিৱস হিচাপে। সমগ্র দেশৰ সমান্তৰালকৈ মাৰ্ঘেৰিটা মহকুমাৰ হাচাক’টো পালন কৰা হয় শিক্ষক দিৱস। হাচাক প্ৰাথমিক বিদ্যালয় আৰু বন্ধু বিদ্যালয় নিংগাম প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত সদৌ টাই আহোম ছাত্ৰ সন্থা,লাচিত শাখাৰ সহযোগত হাচাক প্ৰাথমিক বিদ্যালয়ত পালন কৰা হয় শিক্ষক দিৱস। এই শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ লগতে অঞ্চলটোৰ বহু কেইজন সন্মানীয় শিক্ষাগুৰুক সম্বৰ্ধনা কাৰ্যসূচী গ্ৰহণ কৰা দেখা যায়। অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলন, ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ,পুষ্পাঞ্জলি প্ৰদান, বন্তি প্ৰজ্বলন, শিক্ষাৰ অধিষ্ঠাত্ৰী সৰস্বতী দেৱীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা সাংস্কৃতিক গীত-মাত প্ৰদৰ্শনৰ উপৰিও সন্মানীয় শিক্ষাগুৰু সকলক সম্বৰ্ধনা জনোৱা হয়।

Leave A Reply