Breaking

গুৱাহাটীবাসী বজেলীয়া সমাজৰ শিক্ষক সম্বৰ্ধনাৰ সফল সামৰণি

0 69

মঙলবাৰে গুৱাহাটী জি. এছ. ৰোডত অৱস্থিত ল’জ কুঞ্জলতাত গুৱাহাটীবাসী বজেলীয়া সমাজৰ উদ্যোগত অনুষ্ঠিত হোৱা দুুদিনীয়াকৈ পালন কৰা শিক্ষাবিদ কামেশ্বৰ দাসৰ স্মৃতি দিৱসৰ সফল সামৰণি পৰে৷ মঙলবাৰৰ কাৰ্যসূচীত পুৱা ডক্টৰ সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ আৰু কামেশ্বৰ দাসৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে গুৱাহাটীবাসী বজেলীয়া সমাজৰ কাৰ্যকৰী সভাপতি সুৰেণ মেধি আৰু অৱসৰপ্ৰাপ্ত এ.চি.এছ বিষয়া সত্যেন তালুকদাৰে৷

ইয়াৰ পিছতে অনুষ্ঠিত স্মৃতিচাৰণ আৰু শিক্ষক সম্বৰ্ধনা সভাত সভাপতিত্ব কৰে গুৱাহাটীবাসী বজেলীয়া সমাজৰ সভাপতি তথা বিশিষ্ট কবি নীলিম কুমাৰে৷ তেখেতৰ ভাষণত বজেলীয়া সমাজৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে কামেশ্বৰ দাসৰ চমু বিৱৰণি দাঙি ধৰে৷

মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ জগদীশ পাটগিৰিয়ে কামেশ্বৰ দাসৰ ওপৰত আলোচনা আগবঢ়ায় লগতে কামেশ্বৰ দাসৰ স্মৃতি যুগমীয়াকৰণত গুৰুত্ব আৰোপ কৰে৷ কামেশ্বৰ দাসৰ নাতিনী ললিতা লহকৰৰ মঙ্গলাচৰণেৰে শুভাৰম্ভণি হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে সত্যেন তালুকদাৰে কামেশ্বৰ দাসৰ ওপৰত দু-আষাৰ কয়৷

শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এক শিক্ষক সম্বৰ্ধনা অনুষ্ঠানত বজালীৰ বিভিন্ন অঞ্চলৰ আৰু বৰ্তমানে গুৱাহাটীৰ স্থায়ী বাসিন্দা আঠগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ সভাত শিক্ষাবিদ, সু-সাহিত্যিক বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় অৱসৰপ্ৰাপ্ত শিক্ষক সতীশ চন্দ্ৰ চৌধুৰী শাৰীৰিক অসুস্থতাৰ বাবে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে৷

সভাত কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সুৰেণ তালুকদাৰ, কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক সুৰেণ গোস্বামী, ওৰাং উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী হিৰণ দেৱী, ডিব্ৰুগড় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কান্তেশ্বৰ তালুকদাৰ, আৰ্য্য বিদ্যাপীঠ মহাবিদালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপিকা ডক্টৰ অৰ্চনা পূজাৰী, কৃষ্ণনগৰ বিদ্যাপীঠ এম. ই. স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক চত্ৰধৰ ডেকা আৰু বজালী উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী কবিতা চৌধুৰী সম্বৰ্ধনা সভাত উপস্থিত থাকি সম্বৰ্ধনা গ্ৰহণ কৰি তেখেতসকলৰ শিক্ষক জীৱনৰ অভিজ্ঞতাসমূহ প্ৰকাশ কৰাৰ লগতে কামেশ্বৰ দাসৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিৱেদন কৰে৷

সভাখন আঁত ধৰে বিশিষ্ট আবৃত্তিকাৰ তথা শিক্ষয়িত্ৰী মামণি কলিতা ডেকাই লগতে সভাত কবি নীলিম কুমাৰৰ কবিতা ‘শিক্ষক’ আবৃত্তি কৰে৷ সভাত উপস্থিত থাকি সভাখন সুচাৰুৰূপে সম্পন্ন হোৱাত সহায় কৰাৰ বাবে গুৱাহাটীবাসী বজেলীয়া সমাজৰ সম্পাদক কন্দৰ্প কুমাৰ শৰ্মা আৰু যুটীয়া সম্পাদক খনীন্দ্ৰ নাথ দেৱচৌধুৰীয়ে সকলোকে ধন্যবাদ জনোৱাৰ লগতে কামেশ্বৰ দাসৰ পৰিয়ালবৰ্গৰ উপস্থিতি আৰু সহযোগিতাৰ বাবে কৃতজ্ঞতা জনোৱাৰ লগতে ভৱিষ্যেতেও এনেধৰণৰ সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷ সভাৰ শেষত শাৰীৰিক অসুস্থতাৰ বাবে সভাত উপস্থিত থাকিব নোৱাৰা সতীশ চন্দ্ৰ চৌধুৰীক হাতীগাঁও বাসগৃহত গৈ সম্পাদক কন্দৰ্প কুমাৰ শৰ্মা, যুটীয়া সম্পাদক খনীন্দ্ৰ নাথ দেৱ চৌধুৰী, সদস্য চন্দন শৰ্মা আৰু জিতেন চৌধুৰীয়ে সম্বৰ্ধনা জনায়৷

Leave A Reply