Breaking

অশ্ৰুসিক্ত নয়নে শ শ গুণমুগ্ধই বিদায় দিলে ২নং দুৰাং বাহাঝাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক জীৱন চৰকাৰক…

0 52

দৰং জিলাৰ দলগাঁও শিয়ালমাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ২ নং দৰং বাহাঝাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক জীৱন চৰকাৰে মঙ্গল বাৰে শিক্ষকতাৰ কৰ্ম জীৱনৰ পৰা অৱসৰ লয়। এই উপলক্ষে টংলা মডেল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰনেন্দ্ৰ কুমাৰ চৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় বিদায়ী সম্বৰ্ধনা সভা। সভাত বৃহত্তৰ বৰঝাৰ,শিলবৰী,কৌপাটি অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী,বৰঝাৰ গাওঁ পঞ্চায়তৰ সচিব আদি কৰি বিভিন্ন সংগঠনৰ সভাপতি, সম্পাদক,শিক্ষক গৰাকীৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু গুণমুগ্ধই প্ৰিয় শিক্ষক জীৱন চৰকাৰৰ অতীতৰ কথা স্মৰণ কৰি আবেগিক হৈ পৰে। অযুত স্বপ্নৰ জিলমিল পোহৰত সম্ভাৱনাৰ সোন গুটি ছটিয়াই ১৯৭৯ চনত স্থানীয় কিছুমান বিশিষ্ট ব্যক্তিৰ সহযোগত নিজৰ ঘাঠিৰ ধন ভাঙি খুলিছিল এখন প্ৰথমিক বিদ্যালয়। সামাজিক কাম-কাজত আগভাগ লোৱা ব্যক্তি গৰাকীয়ে পেটতত গামোচা বান্ধি কোনো ধৰণৰ মাননী নপোৱাকৈ দি গল ছাত্ৰ-ছাত্ৰীক পাঠদান। অৱশেষত ২০১৩ চনত বিদ্যালয় প্ৰাদেশিক হ’ল। প্ৰধান শিক্ষকৰ দায়িত্ব ভাৰ লৈ অতিবাহিত কৰিলে শিক্ষকৰ চাকৰি জীৱন। মাত্ৰ কেইটামান বছৰ চৰকাৰী বেতন ভোগ কৰি ৩০-০৪-২০২৪ তাৰিখে চাকৰি জীৱনৰ অৱসৰ গ্ৰহণ কৰে। অৱসৰী প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক জীৱন চৰকাৰৰ চাকৰি কালত ২০১৮ চনত কৃতি শিক্ষক হিচাপে আচাৰ্য স্কুলৰ ৰাজ্যিক পুৰস্কাৰ,২০২১ চনত জিলা কৃতি শিক্ষকৰ পুৰস্কাৰ আৰু ২০২২ চনত মংগলদৈত অনুষ্ঠিত শিক্ষক সন্মিলনী পুৰস্কাৰ লাভ কৰে।


এজন সহজ-সৰল,নম্ৰ প্ৰবৃত্তিৰ,শুৱলা কন্ঠৰ অধিকাৰী আৰু দায়িত্ববান ব্যক্তি হিচাপে ছাত্ৰ-ছাত্ৰী আৰু স্থানীয়ৰ মাজত আছিল অতি প্ৰিয়। তেওঁৰ একনিষ্ঠা কৰ্মৰ ফলস্বৰূপে আজি সমাজত আলোকিত হৈছে বহুজন।কৰ্মজীৱনৰ অন্তিম বেলাত নিজৰ প্ৰিয় শিক্ষক গৰাকীক শ শ গুণমুগ্ধই অশ্ৰুসিক্ত নয়নে বিদায় দি আবেগিক হৈ পৰে আৰু প্ৰিয় প্ৰধান শিক্ষক গৰাকীক বিভিন্ন উপহাৰে উপচাই পেলায় লগতে দীঘলীয়া শোভাযাত্ৰা কৰি ঘৰলৈ দি থৈ আহে।উক্ত বিদায়ী সম্বৰ্ধনা সভাত উপস্থিত থাকে কৌপাটি বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰদিপ মালাকাৰ, লীলানন্দ বিদ্যা নিকেতনৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক কনাইলাল চৰকাৰ,মহেন্দ্ৰ বৰুৱা,দক্ষিণ চুবা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সঞ্চয় হাজং, অৱসৰপ্ৰাপ্ত কাৰাগাৰ অধীক্ষক বিৰেশ হাজং,৩ নং কছাৰী ভেটিটুপ প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষক সুৰুজ আলী, ধনশিৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেন্দ্ৰ বৈষ্ণৱ,ঝাৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰফিকুল ইছলাম, দৰং বাহাঝাৰ প্ৰাথমিক বিদ্যালয়ৰ ৰুনিমা দেৱী ডেকা, বৰঝাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলিপ শৰ্মা,দক্ষিণ বেছিমাৰী,১ নং কছাৰী ভেটিটুপ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আলাউদ্দিন,১নং দৰং বাহাঝাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰবীৰ বিশ্বাস,শিক্ষক গৌতম ভৌমিক,পৰিতোষ দেৱনাথ,মতিবুৰ ৰহমান,ৰজত মজুমদাৰ,জহিৰুল ইছলাম বিশিষ্ট সমাজ কৰ্মী শৰৎ বৰুৱা,সুৱল বিশ্বাস,ৰঞ্জিত ঘোষ, হিমাংশু মিত্ৰ,দৰং জিলা ভাৰতীয় জনতা পাৰ্টীৰ পূৰ্ন কালীন বিস্তাৰক প্ৰনৱ চৰকাৰ,বৰঝাৰ যুৱ সমাজৰ সভাপতি আজমহম্মদ আলী,ছাদিক জাহিৰ আব্বাছ, বৰঝাৰ আমছুৰ ইছাক আলী,পাৰুল জাতীয় বিদ্যালয়ৰ অধ্যক্ষ জ্যোতিষ মণ্ডল,স্থানীয় যুৱক পিন্টু চৰকাৰ,মলয় ৰয়,সুজিত দাস,দেৱাশীষ চৰকাৰ,প্ৰশেনজীৎ সিংহ,প্ৰনৱ গোস্বামী আদি কৰি বহুকেইজন বিশিষ্ট মন্য গন্য ব্যক্তি, বিদ্যালয় খনৰ শিক্ষক সুবোধ সিংহ,বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সদস্যা,অভিভাৱক- অভিভাবিকা,পাঁচ শতাধিক স্থানীয় ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী।

Leave A Reply