Breaking

নগাঁৱৰ কলং নৈত জপিয়াই কিশোৰৰ আত্মহত্যা

0 1,570

নগাঁও চহৰৰ কলং নৈৰ ওপৰত থকা আনন্দৰাম ঢেকিয়াল ফুকন দলঙৰ পৰা আজি পুৱা প্ৰায় ৮ বজাত এগৰাকী ১৫ বছৰীয়া কিশোৰে পানীত জপিয়াই আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আত্মহত্যা কৰা যুৱকজন নগাঁও চহৰৰ তেলীয়াপট্টিৰ ৰনি সিং বুলি জানিব পৰা গৈছে। একাংশ লোকে কিশোৰ জনে দলঙৰ পৰা পানীত জাপ দিয়া কাৰ্য প্রত্যক্ষ কৰি নগাঁও আৰক্ষীক খবৰ দিয়ে। পাছত নগাঁও আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ  এছ ডি আৰ এফৰ সহযোগত কিশোৰ জনক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা সময়লৈকে যুৱক জনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। কি কাৰণত কিশোৰ জনে আত্মহত্যাৰ দৰে চৰম পথ বাছি ললে সেই কথা জানিব পৰা হোৱা নাই যদিও পৰিয়ালৰ লোকে কিশোৰ জন আজি নিচেই পুৱাই ঘৰৰ পৰা সন্ধানহীন হৈছিল বুলি জানিবলৈ দিয়ে।

Leave A Reply