Breaking

তেজস্বিনী জনজাগৰণ অসম মহিলা সমিতিৰ আমৰণ অনসন ভংগ

0 326

দৈনন্দিন বাৰ্তাৰ সেৱা, হোজাইঃ সম্পূৰ্ণ ৯ দিনৰ অন্তত ভংগ তেজস্বিনী জনজাগৰণ অসম মহিলা সমিতিৰ আমৰণ অনশন। তেজস্বিনীৰ অধক্ষ্যা নমিতা চাহুয়ে নাৰী ধৰ্ষণকাৰীৰ একমাত্ৰ শাস্তি ফাঁচী দিয়া আইন বলৱৎ হোৱাৰ দাবীৰে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দৃষ্টিগোচৰ কৰিবলৈ চলিত মাহৰ ১৭ তাৰিখৰ পৰা ২৫ অক্টোবৰ লৈকে হোজাই জিলাৰ সদৰ শংকৰ দেৱ নগৰৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত আমৰণ অনশন বহিছিল।

হোজাই বিধায়ক শিলাদিত্যৰ আশ্বাসৰ অন্তত সম্প্ৰতি ভংগ কৰে অনশন, হোজাই বিধায়ক অনশন স্থলিত উপস্থিত হৈ দুঃসাহসিক মহিলা গৰাকীক যৎপৰোনাষ্টি চেষ্টা চলোৱাৰ আশ্বাস দিয়াৰ লগতে তেখেতৰ সকলো দাবী সমূহ বিধানসভাৰ সদনত উত্থাপন কৰাৰ লগতে লোকসভাৰ অধক্ষ্যৰ দৃষ্টিগোৰ কৰাৰ আস্বাস দিয়ে।

বিধায়কৰ গৰাকীয়ে মন্তব্য আগবঢ়াই কয় যে দূৰ্গা পূজাত মা দূৰ্গা অসুৰক বধ কৰে কিন্তু আজিৰ দিনৰ অসুৰক বধ কৰিবলৈ হলে কঠোৰ আইনৰ ব্যৱস্থা লাগে। বিধায়ক গৰাকীয়ে দুঃসাহসিক মহিলা গৰাকীৰ এনে কাৰ্য্যক ধন্যবাদ জনোৱাৰ ওপৰিও পুৰ্ণ সমৰ্থন আগঢ়ায়। বিধায়কৰ অনুৰোধ মৰ্মে দুৰ্গাপূজাৰ নৱমী দিনা অধক্ষ্যা নমিতা চাহুয়ে বিধায়কৰ হাতেৰে অ.আৰ.এচ খাই ভঙ্গ কৰে অনশন।

উল্লেখ্য যে নাৰী ধৰ্ষণকাৰী একমাত্ৰ শাস্তি ফাঁচী দিয়াৰ দাবীৰে তেজস্বিনী জনজাগৰণ অসম মহিলা সমিতিয়ে প্ৰধান মন্ত্ৰীলৈ পঠোৱাৰ উদ্দেশ্যে চলিত বৰ্ষৰ জুলাই মাহৰ পৰাই ৯ কি. মি যোৰা কাপোৰত হস্তাক্ষৰ অভিযান অব্যাহত ৰাখিছে। ধৰ্ষণকাৰীক ফাঁচীৰ দাবীৰে হোজাই জিলাৰ শংকৰদেৱ নগৰস্হিত উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত চলিত মাহৰ যোৱা ১৭ তাৰিখৰ পৰা ১৯ লৈকে ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ কৰি আহিছিল আৰু চৰকাৰ ফালৰ পৰা কোনো সহাৰি নোপোৱাত ২০ তাৰিখৰ পৰা তেজস্বিনীৰ অসম প্ৰদেশ অধক্ষ্যা নমিতা চাহুয়ে জল আৰু অন্ন ত্যাগ কৰি অব্যাহত ৰাখিছিল আমৰন অনসন।

প্ৰত্যকজন নাৰীৰ নিশ্চিত ভাৱে সুৰক্ষিত ৰখাৰ দাবীৰে নাৰী নিৰ্যাতন কাৰীৰ বিৰুদ্ধে তেওঁলোকৰ সংগ্ৰাম অব্যাহত ৰখাৰ লগতে অতিশীঘ্ৰে অন্ধ্ৰপ্ৰদেশৰ দৰে “দিষা আইন” প্ৰণয়ন কৰাৰ দাবীৰ লগতে চৰকাৰে যদি কথোৰ আইন বলবৎ নকৰে তেন্তে পূণৰ কঠোৰ পদক্ষেপ লোৱাৰ হুংকাৰ প্ৰদান কৰে সমিতিৰ অধ্যক্ষা নমিতা চাহুৱে। পূজাৰ সময়ত দুঃসাহসিক মহিলা গৰাকীয়ে কৰা এনে প্ৰচেষ্টাক হোজাই বিধায়কৰ লগতে অনান্য সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

Leave A Reply