Breaking

সীমান্তত উত্তেজনা অব্যাহত : অসমৰ ভূখণ্ডত নগাৰ আগ্ৰাসন বন্ধ ন’হলে অসম আৰু অসমীয়া জাতিৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থত তীব্ৰ গণ আন্দোলনৰ হুংকাৰ ” আছু” ৰ ।

0 834

নাজিৰা 

 ১৯৬৩ চনত অসমৰ নাগিনীমৰা জিলাৰ সীমাকে নিৰ্ধাৰণ কৰি নাগালেণ্ড হিচাপে সুকীয়া ৰাজ্যৰ মৰ্যাদা পোৱাৰ পাছত নাগালেণ্ডে সেই সীমাক মানি নলৈ উত্তৰ – পূৱ সীমান্ত ৰে’ল পথলৈকে নাগালেণ্ড ৰাজ্যৰ সীমা হ’ব লাগে বুলি দাবী কৰি সম্প্ৰতি নগা চৰকাৰ আৰু উগ্ৰপন্থী সংগঠন এন এছ চি এনৰ দুই ফৈদেও এই দাবীকেলৈ অতল থাকি বৃহত্তৰ নাগালিম গঠনৰ প্ৰচেষ্টা কৰি আহিছে । নগাৰ এই দাবীক সুনিশ্চিত কৰাৰ উদ্দেশ্যে বিভিন্ন সময়ত সীমান্তৱৰ্তী অঞ্চলটোত অপহৰণ , হত্যা , অসমৰ বনাঞ্চলত থকা মূল্যৱান গছ – গছনি কাটি , অসমীয়া পৰিয়ালৰ পোহনীয়া জীৱ — জন্তু কাঢ়ি – নিধন কৰি আৰু সীমান্তৰ অসমীয়া ব্যক্তিৰ চাহ গছ কাটি – জ্বলাই আদি বিভিন্ন ধৰণে সন্ত্ৰাস চলাই আহিছে । তাৰোপৰি সীমান্তৰ অসমৰ হাজাৰ হাজাৰ হেক্টৰ ভূ – খণ্ড নগাৰ দখললৈ নি আগ্ৰাসন অব্যাহত ৰাখিছে । নাগালেণ্ডে অসমৰ শিৱসাগৰ , যোৰহাট , গোলাঘাট , কাৰ্বিআংলং জিলাৰ বৃহৎ এলেকা নাগালিমত অন্তৰ্ভুক্ত কৰি লোৱাত অসমৰ মানচিত্ৰ ক্ৰমে সংকোচনহৈ পৰিছে । ইতিমধ্যে নাগালেণ্ডে শিৱসাগৰ জিলাৰ ৪২৭৯.০৬ হেক্টৰ , যোৰহাট জিলাৰ ১৯,৭৭৭.৬৩ হেক্টৰ, গোলাঘাট জিলাৰ ৪১ .৯৮৫ হেক্টৰ , কাৰ্বিআংলং জিলাৰ ২০০ হেক্টৰ ভূমি বেদখল কৰাৰ উপৰি যোৰহাট জিলাৰ সংৰক্ষিত বনাঞ্চলৰ তিৰু হিলছত ৪৮২৯.১৫ হেক্টৰ , দিচৈ বনাঞ্চলৰ ১৫৩২ . ৩৪ হেক্টৰ , দিচৈ ভেলীৰ ১৩, ৩২২ হেক্টৰ , গোলাঘাট জিলাৰ ডিফু সংৰক্ষিত বনাঞ্চলৰ ২৭, ২৯৩ হেক্টৰ , দক্ষিণ নামবৰ।বনাঞ্চলৰ ১৪,৩৬০ হেক্টৰ , ৰেংমা বনাঞ্চলৰ ৯.৯৩৫ হেক্টৰ , দৈয়াং বনাঞ্চলৰ ৩৯৭ হেক্টৰ , কাৰ্বিআংলং জিলাৰ দলদলি বনাঞ্চলৰ ১০ হেক্টৰ , শিৱসাগৰ জিলাৰ গেলেকী সংৰক্ষিত বনাঞ্চলৰ ৪০০০ হেক্টৰ ভূমিকে ধৰি ৬৬,২৪১ হেক্টৰ ভূমি দখল কৰিলে । তাৰোপৰি নাজিৰা ৰাজহ চক্ৰৰ ১১৫৩,০০ হেক্টৰ , আমগুৰি ৰাজহ চক্ৰৰ ৪৬.০০ হেক্টৰ , সোণাৰি ৰাজহ চক্ৰৰ ১৯.১৯ হেক্টৰ চৰকাৰী ৰাজহ ভূমিত খোপনি পুতি  বাট – পথ নিৰ্মাণ , গিৰ্জা , স্কুল , চাহ বাগিচা , চৰকাৰী কাৰ্যালয় আদি স্থাপন কৰি অসমৰ ভূখণ্ড সংকুচিত কৰিলে । নগাই ইমানতো ক্ষান্ত নাথাকি সঘনাই সীমান্তৱৰ্তী অঞ্চলত সন্ত্ৰাস – আগ্ৰাসন চলাই আহিছে । শেহতীয়াকৈ সীমান্তৱৰ্তী অসমীয়াৰ চাহ বাগিচাৰ চাহ গছ কাটি — জ্বলাই ধ্বংস কৰি অহাৰ উপৰি যোৱা ৮ মে’ত শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ গেলেকী অঞ্চলৰ শিঙিবিল লাহদৈগড় এলেকাৰ অসম সীমান্তত নগাই বাহৰ গেট , দি অসমীয়া লোকৰ প্ৰৱেশ বন্ধ কৰাৰ উপৰি অসমৰ ভূমিতেই বাংকাৰ নিৰ্মাণ কৰি আগ্ৰাসনৰ চেষ্টা কৰাৰ কাৰ্যকলৈ সীমান্তত বিৰাজ কৰা অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতে কালি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ এটি সজাতি দল উক্ত এলেকাত উপস্থিত হৈ পৰিস্থিতি বুজ লয় । আছুৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক শৰৎ হাজৰিকা , জিলা ছাত্র সন্থাৰ সভাপতি অসীম দত্ত , সাধাৰণ সম্পাদক সমীৰণ ফুকন , জিলা ছাত্র সন্থাৰ উপ – সভাপতি তথা নাজিৰা মহকুমা ছাত্র সন্থাৰ সভাপতি মানৱ হাজৰিকা , শিৱসাগৰ মহকুমা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সুভাষ চন্দ্ৰ দাস , গেলেকী আঞ্চলিক ছাত্র সন্থাৰ সভাপতি প্ৰাঞ্জল গগৈ , সাধাৰণ সম্পাদক মানস জ্যোতি শইকীয়া , ছাত্র নেতা দীপাংকৰ শইকীয়া , প্ৰতীম বৰগোঁহাই আদিৰ নেৰ্তৃত্বত যোৱা দলটোৱে শিঙিবিলত উপস্থিত হৈ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি পৰিস্থিতি বুজ লোৱাৰ লগতে নাজিৰা মহকুমা আৰক্ষী বিষয়া দ্বীপ জ্যোতি তালুকদাৰ , গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন্দ্ৰ ছেত্ৰী সহ আৰক্ষী প্ৰশাসনৰ উচ্চ স্তৰীয় বিষয়া বৰ্গৰে শিঙিবিস্থিত বি অ’ পিত স্থানীয় জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰা , ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ স্বাৰ্থ সুৰক্ষিত কৰা , অসমৰ ভূখণ্ডত নগাৰ বেদখল মুক্ত কৰা আদি বিভিন্ন দিশ সামৰি এক আলোচনাত মিলিত হয় । উল্লেখ্য যে , অসম – নাগালেণ্ড সীমান্তৰ এফ ছেক্টৰৰ অন্তৰ্গত নাজিৰা মহকুমাৰ ঐতিহাসিক লাহদৈগড় অঞ্চলৰ দাতিকাষৰীয়া অঞ্চলত স্থানীয় নিবনুৱা তথা ক্ষুদ্ৰ চাহ খেতিয়কে অসমৰ ভূখণ্ডত চাহ পুলি ৰোপণ কৰি স্বাৱলম্বী হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও সময়ে সময়ে নগাই উক্ত লোক সকলক বহু বছৰ ধৰি বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি আহিছে । অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ উদাসীন মনোভাৱৰ বাবেই নগাই নাগালেণ্ড প্ৰশাসনৰ সহযোগত আগ্ৰহী মনোভাৱেৰে অসমৰ ভূখণ্ডত নিজৰ মই মতালি প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰা বুলি মত প্ৰকাশ কৰি অসম চৰকাৰক আন্ত:ৰাজ্যিক সীমান্ত এলেকাত অসমীয়া মানুহৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰাখিব পৰাকৈ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আহ্বান জনাইছে। অসমৰ সীমান্তত বাট — পথকে ধৰি অন্যান্য প্ৰয়োজনীয় সা – সুবিধা প্ৰদান কৰাত অসম চৰকাৰ ব্যৰ্থ হোৱাৰ ফলতে সীমান্ত অঞ্চলত নগাই আগ্ৰাসন অব্যাহত ৰাখিবলৈ সক্ষম হোৱা বিষয়টোৱে অনাগত দিনত অধিক ভয়াবহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা থকা সন্দৰ্ভত চৰকাৰে সময় থাকোতেই উচিত পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজন বুলি ” আছু” ৰ নেৰ্তৃত্বই স্পষ্ট মত পোষণ কৰে । ইয়াৰ উপৰিও সীমান্ত এলেকাত নিয়োজিত নিৰাপত্তা ৰক্ষী সকলকো প্ৰয়োজনীয় সকলো সা – সুবিধা গৃহ বিভাগে প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি সীমান্ত নিৰীক্ষণ চকীত প্ৰয়োজনীয় সংখ্যক জোৱান মোতায়েনয়, বি অ’ পি সমূহৰ আন্ত:গাথনিৰ উন্নয়ন সাধন আৰু জোৱানসকলৰ প্ৰয়োজনীয় সকলো সা – সুবিধা প্ৰদান কৰিবৰ।বাবে অসম চৰকাৰলৈ ” আছু ” আহ্বান জনাইছে । আনহাতে এনেধৰণৰ কাৰ্য অনাগত দিনত নগাই অব্যাহত ৰাখিলে সীমান্তৱৰ্তী ৰাইজৰ বৃহত্তৰ স্বাৰ্থত আৰু অসমৰ ভূখণ্ডৰ ওপৰত অসমীয়া ৰাইজৰ অধিকাৰ ৰক্ষা কৰাৰ স্বাৰ্থত ” আছু” ৱে তীব্ৰ গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে ।

Leave A Reply