Breaking

নগাঁও বাইপাছত ভয়ংকৰ দুৰ্ঘটনা : তীব্ৰবেগী চেন্ট্ৰ’ গাড়ীয়ে মহতীয়াই নিলে ষ্কুটী আৰোহীক ; নিহত ভাতৃ-ভগ্নী

0 1,150

নগাঁও : নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী নগাঁও বাইপাছৰ ওপৰ পাথৰীত কালি পুৱা ১০.৩০ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাটোত দুই ভাতৃ-ভগ্নী নিহত হোৱাৰ উপৰিও আন চাৰিগৰাকী লোক আহত হয়। দুৰ্ঘটনাটোত নিহত যুৱকজনৰ নাম পল্লৱ শইকীয়া আৰু তেওঁৰ ভনীয়েকৰ নাম পংখী শইকীয়া (১৫)। দুৰ্ভগীয়া ভাতৃ-ভগ্নীৰ ঘৰ ননৈ কুমাৰ গাঁৱত। পল্লৱে এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু তেওঁৰ কিশোৰী ভনীয়েকে নৱম শ্ৰেণীত পঢ়ি আছিল। নগাঁৱৰ বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজেন শইকীয়াই জনোৱা মতে, পল্লৱ শইকীয়া নামৰ যুৱক জনে এ এছ ০২ এফ ৮৮৪৫ নম্বৰৰ ষ্কুটী খনত তেওঁৰ ভনীয়েকক আৰু তেওঁলোকৰ জেঠায়েকৰ ছোৱালী প্ৰণামী বৰা (১৯)ক উঠাই লৈ নগাঁও বাইপাছেৰে গৈ আছিল। পুৱা প্ৰায় ১০.৩০ বজাত পল্লৱে ওপৰ পাথৰীত ষ্টুটীখন বাইপাছৰ পৰা দেওধৰৰ চাৰ্ভিছ ৰোডৰ দিশে লৈ যাওঁতেই সেই সময়ত গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে তীব্ৰবেগেৰে আহি থকা এ এছ ০১ ই এইচ ৪০৬৫ নম্বৰৰ চেন্ট্ৰ’ গাড়ীখনে ষ্কুটীখনক মহতীয়াই নিয়ে। ফলত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত ষ্কুটীখনৰ চালক পল্লৱ শইকীয়া ঘটণাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে তেওঁৰ ভনীয়েক পংখীক অতি সংকটজনক অৱস্থাত গুৱাহাটীৰ চিকিৎসালয়লৈ লৈ যোৱা অৱস্থাত আদ বাটতে শেষ নিশ্বাস ত্যাগ কৰে। আনহাতে, স্কুটীখনৰ আনগৰাকী আৰোহী প্ৰণামী শইকীয়াকো প্ৰথম অৱস্থাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তেওঁৰ অৱস্থা অধিক শোচনীয় হৈ পৰাত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। ইপিনে, দুৰ্ঘটনাটো সংঘটিত কৰিয়েই “চেন্ট্ৰ” গাড়ীখন পথৰ ওপৰতে লুটি খাই পৰাত গাড়ীখনৰ দুই আৰোহী ক্ৰমে গুৱাহাটীৰ জাপৰিগোগৰ অংকুশ দাস (৪০) আৰু গুৱাহাটীৰ বেলতলাৰ পাৰ্থ প্ৰতীম দাস(৪০)য়ো গুৰুতৰভাৱে আহত হয়। অৱশ্যে গাড়ীখনৰ চালক প্ৰসেনজিৎ বৰুৱা আহত হোৱা নাই বুলি বৰঘাট সূত্ৰই জনাইছে।

Leave A Reply