Breaking

ঢকুৱাখনাত চাৰিকড়ীয়াৰ ভয়ংকৰ খহনীয়া। খহনীয়াত জাহ গ’ল ঢকুৱাখনা মহাবিদ্যালয়ৰ দুই কৰ্মচাৰীৰ আবাসগৃহ। মহাবিদ্যালয়ৰ অস্তিত্বৰ প্ৰতিও ভাবুকি

0 1,057

ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ মাজেৰে বৈ যোৱা শান্ত সমাহিত চাৰিকড়ীয়া নদীয়ে আজি হঠাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰে।আজি বিয়লি প্ৰায় ২-৩০ বজাত ঢকুৱাখনা মহকুমাৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ঢকুৱাখনা মহাবিদ্যালয়ৰ দক্ষিণ দিশত নদীখনে ভয়ানক খহনীয়াৰ সৃষ্টি কৰে। এই খহনীয়াত চকুৰ পচাৰতে শিক্ষানুষ্ঠানখনৰ দুজনকৈ কৰ্মচাৰীৰ দুটা আৱাস গৃহ জাহ যায়।ইয়াৰোপৰি মহাবিদ্যালয়খনৰ প্ৰায় ১ বিঘা মান  মাটি আৰু কেইবাজোপাও মূল্যবান গছ খহনীয়াৰ কবলত পৰে ।উক্ত খহনীয়া আধা ঘণ্টামান সময়ৰ  ভিতৰতে সংঘটিত হয়।ঘটনাটো দিনৰ ভাগত  ঘটাৰ বাবে আৱাস দুটাত বাস কৰা পৰিয়াল দুটাৰ ১০জনৰো অধিক সদস্যৰ প্ৰাণ দৈৱক্ৰমে ৰক্ষা পৰে যদিও দুয়োটা পৰিয়ালৰ ঘৰৰ আচবাব ,বাচন-বৰ্তন আৰু ল’ৰা-ছোৱালীৰ কিতাপ পত্ৰকে আদি কৰি বহু মূল‍্যবান সামগ্ৰী নদীৰ বুকুত জাহ যায়।ঘটনাৰ খবৰ পাইয়েই আজি সমষ্টিত উপস্থিত থকা স্থানীয় বিধায়ক তথা মন্ত্ৰী নৱ কুমাৰ দলেয়ে জল সম্পদ বিভাগৰ অধীক্ষক অভিযন্তা ,কাৰ্যবাহীঅভিযন্তা ,সহকাৰী কাৰ্যবাহী অভিযন্তা আৰু মহকুমাধিপতিক লগত লৈ খহনীয়া পৰিদৰ্শন কৰি শীঘ্ৰে খহনীয়া নিবাৰণৰ বাবে তাৎক্ষণিক কাৰ্যকৰী ব‍্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে জলসম্পদ বিভাগক।শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে মহাবিদ্যালয়খনৰ মূল ভৱনৰ লগতে ছাত্ৰী নিৱাসো খহনীয়াৰ কবলত পৰিব।ইফালে মন্ত্ৰী দলেই দূৰ্গত পৰিয়াল দুটাৰ সাময়িক সংস্থাপনৰ বাবে নগদ দহ হাজাৰকৈ টকা আৰু চাৰি বান্দোলকৈ টিনপাত প্ৰদান কৰে।উল্লেখ্য যে বিগত দুবছৰ ধৰি চাৰিকড়িয়া নদীৰ খহনীয়াই ঢকুৱাখনা কলেজৰ পিছফালে তাণ্ডৱ চলাই আহিছিল যদিও ঢকুৱাখনা জলসম্পদ বিভাগে উপযুক্তভাৱে খহনীয়া প্ৰতিৰোধৰ আঁচনি গ্ৰহণ নকৰিলে।যোৱা বছৰ জলসম্পদ বিভাগৰ ঠিকাদাৰ, অভিযন্তাই পাকুপাইন স্থাপনৰ কেইবালাখ টকীয়া এখন আঁচনি ৰূপায়ণ কৰিছিল যদিও কামত নাহিল।জলসম্পদ বিভাগক এইবছৰো খহনীয়া অব্যাহত থকাৰ বিষয়টো কলেজৰ অধ্যক্ষই বাৰে অৱগত কৰাৰ পিছতো বিভাগটোৱে বাঁহৰ সামান্য স্পাৰ দিয়ে খহনীয়া ৰোধৰ ব্যথা চেষ্টা চলোৱাত আজি চাৰিকড়িয়াই কালৰূপ ধৰি খহাই নিলে ঘৰ-দুৱাৰ,প্ৰকাণ্ড প্ৰকাণ্ড গছ।

Leave A Reply