Breaking

ভয়াবহ বান ; পৰ্যাপ্ত আশ্ৰয় শিবিৰৰ অভাব, খাদ্য সংকতত বানাক্ৰান্ত ।

0 1,193

তিনিচুকীয়া : এফালে কৰোনাৰ সন্ত্ৰাস আৰু আনফালে বিগত চাৰি দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্য। সমান্তৰাল ভাৱে তিনিচুকীয়া জিলাতো বান পৰিস্থিতিয়ে ক্ৰমান্বয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে।মূষলধাৰ বৰষুণৰ ফলত প্লাৱিত হৈছে জিলা খনৰ বহু ন ন অঞ্চল। আনফালে পৰ্যাপ্ত আশ্ৰয় শিবিৰৰ অভাৱ আৰু খাদ্যৰ সংকটে দেখা দিছে বান পীড়িত সকলৰ মাজত। এই বিভীষিকাময় পৰিস্থিতিত যোৱা তিনিদিন ধৰি বান পীড়িতৰ কাষত থিয় হৈ মহানুভৱতাৰ নিদৰ্শন ডাঙি ধৰিছে সদৌ মৰাণ ছাত্ৰ সন্থাই। যোৱা তিনিদিনে জিলা খনৰ প্ৰতিটো প্ৰান্তলৈ গৈ আশ্ৰয় শিবিৰ সমূহ পৰিদৰ্শন কৰাৰ লগতে যথেষ্ট পৰিমাণে সাহায্যও আগবঢ়াই আহিছে সদৌ মৰাণ ছাত্ৰ সন্থাই। বিগত দিনৰ দৰে আজিও সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণৰ নেতৃত্বত এটা সঁজাতি দলে জিলাখনৰ চাবুৱা সমষ্টিৰ অন্তৰ্গত গুইজান হাইস্কুল, গুইজান হিন্দী হাইস্কুল আশ্ৰয় শিবিৰ, নতুন ৰঙাগড়া, গটং, ধেলাখাট আশ্ৰয় শিবিৰ, ডিগবৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত হাতীবাট, গৰিয়াটিং, পুৰণি মতাপুং, বেবেজীয়া, হাতীজান আৰু বৰগাঁও পৰিদৰ্শন কৰি  বান পৰিস্থিতিৰ বুজ লয় আৰু অত্যাৱশ্যকীয় সামগ্ৰী, মাস্ক, চেনিটাইজাৰ, খাদ্য সামগ্ৰী আদি যোগান ধৰে। ইফালে লাইকা-দধিয়া অঞ্চলৰ সকলো গাঁৱৰ লগতে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান সম্পূৰ্ণভাৱে প্লাৱিত হৈ পৰিছে। উক্ত অঞ্চলৰ সকলো লোকক ক্ষীপ্ৰতাৰে উদ্ধাৰ কৰাৰ লগতে নিৰাপদ স্থানত আশ্ৰয় প্ৰদান কৰি যাৱতীয় সকলো সাহাৰ্য্য প্ৰদান কৰিবলৈ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে চৰকাৰক দাবী জনাই। বন ঘৰচীয়া ঘোঁৰাৰ বাবে বিশ্ব খ্যাত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন জীৱ-জন্তুৰ বানপানী কবলৰ পৰা ৰক্ষাৰ বাবে পৰ্যাপ্ত সংখ্যক উখ আশ্ৰয় স্থল নিৰ্মান কৰিবলৈও চৰকাৰক দাবী জনাই। উল্লেখযোগ্য যে বৰ্তমান জিলাখনৰ নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি পায়ে আছে। সেয়েহে অধিক লোক বানৰ কৱলত পৰাৰ আশংকা বৃদ্ধি পাইছে। গতিকে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ উদ্ধাৰ অভিযান খৰটকীয়া কৰিবলৈ চৰকাৰ তথা জিলা প্ৰশাসনক দাবী জনায় সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে।

Leave A Reply