Breaking

দৰঙৰ এখন গাঁওত ভয়ানক ঘটনা; আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে গাঁওখন পৰিদৰ্শন কৰি দিলে কঠোৰ নিৰ্দেশনা

0 322

দৰঙৰ ধূলা থানাৰ অন্তৰ্গত পশ্চিম পদোঘাট গাঁওত ভয়ানক ঘটনা। গাঁওখনৰ শ্ৰীমণি চৌহানৰ চাৰি বিঘা কটা ধানত নিশা অগ্নি সংযোগ দূবৃৰ্ত্তৰ। গাঁওখনত প্ৰায় ২০০ হিন্দু পৰিয়াল আছিল যদিও একাংশ লোকৰ অত্যাচাৰত গাঁও এৰি গুছি গৈছে পৰিয়াল সমুহ । বিগত প্ৰায় ১৫-২০ বছৰে গাওঁখনত হিন্দু পৰিয়াল সমূহৰ ধানত জুই, গৰু চুৰি, ঘৰত ডকাইতি আদিত সংঘটিত হৈ আহিছে যদিও আৰক্ষী বা প্ৰশাসনে কোনো ব্যৱস্থা নোলোৱাত ভয়াৰ্ত পৰিয়াল সমূহে গাঁও এৰি অন্য স্থানলৈ গুছি গৈছে।

উক্ত মণি চৌহান হৈছে গাঁওখনৰ অন্তিমটো হিন্দু পৰিয়াল। কিন্তু যোৱা ২২ নৱেম্বৰৰ নিশা মণি চৌহানে ধান কাটি আনি ঘৰৰ ওচৰত জমা কৰি ৰখাৰ পিছত নিশা দূবৃত্তই অগ্নিসংযোগ কৰে। লগে লগে পৰিয়ালৰ লোকে গাঁওৰক্ষী বাহিনী আৰু স্থানীয় লোকক অৱগত কৰে। পিছত ধূলা থানাত অৱগত কৰে যদিও পথৰ দূৰৱস্থা দোহাই গাঁওখনত উপস্থিত নহল দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোক। অগ্নিকাণ্ড ইমানেই ভয়াবহ আছিল যে আজি ৯ দিন ধৰি অব্যাহত আছে জুই।

বৃহস্পতিবাৰে ঘটনাস্থলীত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিং। লক্ষণীয় ভাৱে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে নিজে প্ৰত্যক্ষ কৰে এই জুইৰ জ্বলি থকা ধোঁৱা । দিনৰ ১.০০ বজাত ডিআইজি পাৰ্থসাৰথি মহন্ত, দৰঙৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোনোৱাল, জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ সৈতে উপস্থিত হৈ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি দুই দিনৰ ভিতৰতে দোষীক কৰায়ক্ত কৰা হব বুলি ঘোষণা কৰে।

তেওঁ স্থানীয় শতাধিক গাঁওবাসীৰ সৈতে মত বিনিময় কৰি গাঁওবাসীক কয় যে উক্ত ধান জ্বলোৱা দুস্কাৰ্য্য যিয়ে সংঘটিত কৰিছে তেওঁক কঠোৰ শাস্তি দিয়া হ’ব। এইক্ষেত্ৰত আৰক্ষীক সহায় কৰিবলৈ গাঁওবাসীক তেওঁ আহবান জনায়। আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে গাঁওবাসীক কয়, য’ত এঘৰ সংখ্যালঘু মানুহ থাকে তাত তেওঁলোকক নিৰাপত্তা দিয়াৰ দায়িত্বও ৰাইজৰে।

গাঁওবাসীক ভাতৃত্ববোধৰে থাকিবলৈ তেওঁ আহবান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিষয়টো অধিক গুৰুত্ব দিয়া বুলি কৈ সকলোৱে শান্তি সম্পীতিৰে আগবাঢ়িবলৈ আহবান জনায়। পিছত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে এনে ঘটনা সহ্য কৰা নহব আৰু দোষীক কৰায়ক্ত কৰিবলৈ দৰঙৰ আৰক্ষী অধীক্ষক প্ৰকাশ সোনোৱালক নিৰ্দেশ দিয়া বুলি কয়।


ইফালে উক্ত ঘটনাৰ পিছতে গাওঁখনৰ হিন্দু পৰিয়ালৰ ওপৰত হোৱা অত্যাচাৰৰ বহু ঘটনা পোহৰলৈ আহিছে। বহু পৰিয়ালে কম দামতে ঘৰ, মাটি, সম্পত্তি বিক্ৰী কৰি পলায়ন কৰিবলগীয়া হোৱা ঘটনা প্ৰকাশ পাইছে । স্থানীয় ৰাইজ আৰু দৰঙৰ বিভিন্ন দল সংগঠনে পৰিয়াল সমূহক নিৰাপত্তা দিয়াৰ দাবী উথাপন কৰিছে। একাংশ লোকে বলপূৰ্বক মাটি দখল আৰু ভুৱাকৈ মাটি নামজাৰি কৰাৰ বিষয়ে আজি আৰক্ষী সঞ্চালক প্ৰধান আৰু দৰঙৰ উপায়ুক্তক অভিযোগ দাখিল কৰিছে। আনকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহবান জনাইছে ভুক্তভোগী পৰিয়াল সমূহে ।

Leave A Reply