Breaking

মালিগাঁও নিৰ্মীয়মান উৰণীয়া সেঁতুত ভয়ংকৰ ঘটনা! দলঙৰ ওপৰৰ পৰা পৰিল প্ৰকাণ্ড লোহাৰ প্লেট, ঘটনাস্থলীত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা…

0 107

মালিগাঁৱৰ নিৰ্মীয়মান উৰণীয়া সেঁতুত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। নিৰ্মীয়মান উৰণীয়া সেঁতুৰ পৰা মানুহৰ গাত সৰি পৰিল প্ৰকাণ্ড লোহাৰ প্লেট। ঘটনাক লৈ মালিগাঁৱত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

ভয়ংকৰ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় দুজন লোক। আঘাতপ্ৰাপ্ত দুয়ো নিৰ্মাণকাৰ্যৰ লগত জড়িত শ্ৰমিক বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত বেয়াকৈ ক্ষতিগ্ৰস্ত হয় এখন বাহনো। আঘাতপ্ৰাপ্ত দুয়োকে অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।


আনহাতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লৰালৰিকৈ মালিগাঁও উৰণীয়া সেতুৰ কাণ্ডৰ স্থানলৈ যায় আৰু পৰিস্থিতিৰ বুজ লয়।

তেওঁ বিষয়াসকলক ৰাতিপুৱা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ পথৰ দুয়োকাষে বন্ধ কৰি যান-বাহন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে৷

উল্লেখ্য যে চিকিৎসালয়লৈও গৈ চিকিৎসকসকলক শ্ৰমিকসকলক উত্তম চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে আৰু যাতায়তৰ দুৰ্দশা লাঘৱ কৰিবলৈ কামটো অতি সোনকালে সম্পূৰ্ণ হ’ব বুলি আশ্বাস দিয়ে।

Leave A Reply