Breaking

নগৰবেৰাৰ নিচিলামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

0 2,034

নগৰবেৰা প্ৰতিবেদক:  কামৰূপৰ বকো সমষ্টিৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত নিচিলামাৰীত শুক্ৰবাৰৰ সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে এল্ট’-৮০০ মাৰুতি গাড়ী এখনেৰে পূজা মালো (১২) নামৰ এগৰাকী কিশোৰী আৰু সাগৰ মণ্ডল (৩০) নামৰ যুৱক এজনক খুন্দিওৱাৰ উপৰি পথৰ কাষত ঘাঁহ খাই থকা কাঢ়লী গৰু এজনীক খুন্দা মৰাৰ ফলত গৰুটো থিতাতে নিহত হয় আৰু আহত দুয়োজনকে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনা সংঘটিত কৰি AS-25 K 2526 নম্বৰৰ এল্ট’-৮০০ গাড়ী সহ চালক জনে পলাই গৈ মন্দিৰা এন চি চ’কৰ দোকান এখনত আত্মগোপন কৰিবলৈ চেষ্টা কৰোঁতে মন্দিৰা আৰক্ষীয়ে উপস্থিত হৈ গাড়ী সহ চালক জনক উদ্ধাৰ কৰে। পিছত দুৰ্ঘটনা সংঘটিত কৰা চালক জনক আৰক্ষী চকীলৈ নি থাকোতে আদবাটতে ৰাইজে উত্তেজিত হৈ খৰ্গহস্ত হয় আৰু আৰক্ষীৰ বাহন ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰে। দুৰ্ঘটনা সংঘটিত কৰা চালক জন গোৱালপাৰা জিলাৰ শিমলীতোলা আৰক্ষী চকীৰ অন্তৰ্গত খেৰোপাৰা গাওঁৰ নুৰ ইছলামৰ পুত্ৰ শ্বাহিনুৰ ইছলাম বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোক লৈ সম্প্ৰতি অঞ্চলজুৰি অব্যাহত আছে চেপাঁ উত্তেজনা।

Leave A Reply