Breaking

মেঘালয়ত ভয়াৱহ পথ দুৰ্ঘটনা ! নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিবলৈ গৈ মৃত্যু ৫জনৰ…

0 61

মেঘালয়ত ভয়াৱহ পথ দুৰ্ঘটনা ! নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিবলৈ গৈ মৃত্যু ৫জনৰ। খবৰ অনুসৰি সোমবাৰে পুৱা প্ৰায় ১১ বজাত পূৱ গাৰো পাহাৰৰ বোলমেডাং গাঁৱৰ সমীপত সংঘটিত হয় এই ঘটনা। ইষ্ট গাৰো পাহাৰত কমেও পাঁচগৰাকী মহিলাৰ মৃত্যু হয়, তেওঁলোকে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল। এখন পাহাৰৰ কাষত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা হয়।

খবৰ অনুসৰি, পাঁচগৰাকী মহিলাৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে একেখন বাহনত থকা ২৪ জন লোক আহত হয়। আহত একাংশৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।বাহনখনত থকা লোকসকলে টিএমচিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল, য’ত মুকুল চাংমা উপস্থিত হ’বলগীয়া আছিল।আৰক্ষীৰ সূত্ৰ অনুসৰি সোমবাৰে পুৱা প্ৰায় ১১ বজাত পূৱ গাৰো পাহাৰৰ বোলমেডাং গাঁৱৰ সমীপত সংঘটিত হয় এই ঘটনা।

স্থানীয় ৰাইজে নিহত কেইজনক মেৰিনা চাংমা, ছাবিনা মৰাক, কুকিলা মমিন, তেছা চাংমা বুলি চিনাক্ত কৰিছে। এগৰাকী নিহত মহিলাৰ চিনাক্তকৰণ এতিয়াও হোৱা নাই।ঘটনাৰ খবৰ পোৱাৰ লগে লগে চিকিৎসা বিভাগৰ কৰ্মীসহ আৰক্ষীৰ এটা দলে আহতসকলক চোৱাচিতা কৰিবলৈ ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। আহতসকলৰ অধিকাংশকে খাৰকুটা পি এইচ চিলৈ লৈ যোৱাৰ বিপৰীতে সংকটজনক অৱস্থাত থকা আন কিছুমানক চিকিৎসাৰ বাবে অসমৰ গোৱালপাৰালৈ প্ৰেৰণ কৰা হয় আনহাতে অসমৰ উপাধ্যক্ষ ড০ নুমল মমিনেও ঘটনাস্থলী পৰিদৰ্শন কৰে, লগতে মৃত্যুক শোক প্ৰকাশ কৰে।

Leave A Reply