Breaking

ৰঙিয়াত মনোজ বুকষ্টল প্ৰকাশনৰ উদ্যোগত “টেট গাইড” গ্ৰন্থ উন্মোচন ।

0 2,015

বিগত বৰ্ষৰ দৰে এইবছৰো অনুষ্ঠিত হ’বলগীয়া ‘অসম টেট’ পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ সহায়ক হোৱাৰ উদ্দেশ্যে ৰঙিয়াৰ এটি অগ্ৰণী প্ৰকাশক গোষ্ঠী “মনোজ বুকষ্টল” প্ৰকাশনে এখন টেট পৰীক্ষাৰ সহায়ক গ্ৰন্থ প্ৰস্তুত কৰি উলিয়ায় ৷ ৰঙিয়াৰ “ইউক্লিড গ্ৰুপ অৱ ইনষ্টিটিউচন” (ক’লা আৰু বাণিজ্য শাখা) ৰ প্ৰেক্ষাগৃহত উক্ত গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানটি অনুস্থিত হয় ৷ উন্মোচনী অনুষ্ঠানটিত উন্মোচক তথা মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰঙিয়াৰ স্বস্তি হস্পিতালৰ স্ত্ৰী আৰু প্ৰসুতি ৰোগ বিভাগৰ বিশেষজ্ঞ ডাঃ হিতেন কলিতা, ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পাৰ্থ ফুকন মহন্ত, ইউক্লিড গ্ৰুপ অৱ ইনষ্টিটিউচনৰ শৈক্ষিক সঞ্চালক(কলা আৰু বাণিজ্য শাখা) ৰুমি মেধিৰ লগতে পুথিখন প্ৰস্তুত কৰি উলিওৱা সম্পাদনা মণ্ডলী ক্ৰমে- ড° বীৰেন্দ্ৰ ডেকা, ড° উৎপল কলিতা, ড° ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য, ওৱাহিদুৰ ৰহমান, লুটফুৰ কামাল, চামচুল হক, মুকুল বেজবৰুৱা, বিতোপন শালৈ, বিদ্যুৎ বেজবৰুৱা, প্ৰণামী মহন্ত, চাৰুক হুছেইন, তুলেন চন্দ্ৰ লহকৰ, ইচফাকুৰ ৰহমান প্ৰমুখ্যে অসমৰ বিভিন্ন সংবাদ মাধ্যমৰ সংবাদদাতাসকল ৷ মুকুল বেজবৰুৱা আৰু বিতোপন শালৈৱে পৰিচালনা কৰা উন্মোচনী অনুষ্ঠানটিত উপস্থিত থকা প্ৰতিগৰাকী শুভাকাংক্ষী তথা বিদ্যত সমাজে স্বীকাৰ কৰিছে যে- টেট পৰীক্ষা সম্পৰ্কীয় এই গ্ৰন্থখনে আগন্তুক টেট পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে বিচৰা জ্ঞানৰ সম্ভেদ দিয়াৰ সমান্তৰালভাৱে সকলোকে উপকৃত কৰিব পাৰিব ৷ লগতে ইউক্লিডৰ অধ্যক্ষ উজ্জ্বল ডেকা,আৰু বিজ্ঞান শাখাৰ শৈক্ষিক সঞ্চালক ৰেকিব আহমেদে জনাই যে এই টেট সম্পৰ্কীয় পুথিখন পৰীক্ষা জগতত এক নতুন আংগিক আৰু নতুন চিন্তাৰ সংযোজক হিচাপে চিহ্নিত হ’ব ৷ গ্ৰন্থখন প্ৰকাশৰ দায়িত্ব লোৱা “মনোজ বুকষ্টল”ৰ স্বত্বাধিকাৰী হৰেকৃষ্ণ কলিতাই জানিবলৈ দিয়ামতে গ্ৰন্থখন ৰঙিয়াৰ ‘মনোজ বুকষ্টল’ত উপলব্ধ হোৱাৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তৰ গ্ৰন্থ বিপণিত গ্ৰন্থখন উপলব্ধ হ’ব ৷

Leave A Reply