Breaking

চৰাইদেউ বাতৰিৰ দ্বাদশ বৰ্ষপুৰ্তি আৰু বটা প্ৰদান অনুষ্ঠান সম্পন্ন…

0 81

সাংবাদিকে বিচাৰকৰ ভূমিকা লোৱাতো যুক্তি সংগত নহয় -জিতু শৰ্মা ৰাজখোৱা:

বিশেষ প্ৰতিবেদক চৰাইদেউ :সাম্প্রতিক সময়ত সংবাদ পত্রলৈ প্ৰত্যহবান আহিছে। সংবাদ পত্রৰ প্ৰতি সাধাৰণ জনতাৰ ‘বিশ্বাস যোগ্যতা’ পৰ্য্যায় ক্রমে হ্রাস পোৱাৰ কাৰণ হৈছে একাংশ সাংবাদিকৰ বিচাৰকৰ ভূমিকা গ্রহণ কৰাৰ ফলত। সাংবাদিক কেতিয়াও বিচাৰক ভূমিকা ল’ব নেলাগে।

সাংবাদিক জনতাৰ অতন্দ্র প্ৰহৰীহে বিচাৰক নহয়। সাহিত্য সভাৰ সভাপতি কোন হ’ব লাগে, কাক বিধায়ক ৰূপে জয়ী কৰাব লাগে এনে বোৰ বিষয়ত বিচাৰকৰ ভূমিকা লোৱা তো জানো যুক্তি সংগত হৈছে। এনে বোৰ কাৰকলৈ ৰাজ্যৰ জেষ্ঠ সাংবাদিক সকল ‘ মূখ বন্ধ’কৰি দূৰৈৰ পৰা বৰ্তমানৰ সাংবাদিকৰ আচৰণ প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰিছে। সংবাদ মাধ্যমৰ প্ৰতি দায়বদ্ধতা খিনি বহু সাংবাদিকে জলাঞ্জলি দি স্বাৰ্থান্ধ মনোবৃত্তিৰে আগবাঢ়ি যোৱাত সংবাদ পত্রলৈ প্ৰবল প্ৰত্যাহ্বান অহা বুলি ধাৰণা কৰিব পাৰি।

চৰাইদেউ জিলা ৰ পৰা প্ৰকাশিত পেষকীয়া চৰাইদেউ বাতৰিৰ দ্বাদশ বৰ্ষপুৰ্তি আৰু বটা প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি ২৩ অক্টোবৰত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত সাম্প্রতিক সময়ৰ বাতৰি কাকতৰ ভবিষ্যত আৰু সাংবাদিকৰ দায়বদ্ধতা শীর্ষক বক্তৃতা অনুষ্ঠানত মূখ্য বক্তা ৰূপে অংশ গ্রহন কৰি অসম ৰাজ্যিক সাংবাদিক সন্হাৰ সভাপতি তথা জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাই এনেদৰে কয়। সাংবাদিক গৰাকী য়ে লগতে কয় যে ডাঙৰ কাকততকৈ ক্ষুদ্র ক্ষুদ্র কাকত সমূহ লৈ প্ৰবল প্ৰত্যাহ্বান নামি আহিছে।

পৰিৱেশ আৰু পৰিস্থিতিৰ তিষ্ঠা থাকিব নোৱাৰি বহু ক্ষুদ্র কাকত বন্ধ হৈ গৈছে। তেনে সময় চোৱাত ‘চৰাইদেউ বাতৰি’কাকত খনে সাহসিকতা ৰে প্ৰকাশ কৰি সুষ্ঠ সাংবাদিকতা প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। প্ৰাক্তন উপায়ুক্ত তথা বিশিষ্ট লেখক বিবেকানন্দ ফুকনে সঞ্চালনা কৰা অনুষ্ঠানত উদ্দেশ্যে ব্যাখ্যা আগবঢ়াই চৰাইদেউ বাতৰিৰ মূখ্য উপদেষ্টা ধৰ্মেশৰ কোৱৰে এনে দৰে কয় কাকত খনে সম্পূর্ণ এন. জি. অৰ আৰ্হিৰে নতুন প্রজন্মৰ মানসিক আৰু বৌদ্ধিক উত্তৰনৰ নিমিত্তে কাম কৰি আহিছে। আৰু ভবিষ্যতেও কৰি যোৱাৰ সংকল্পৰ বিষয়ে ব্যাখ্যাত উপদেষ্টা গৰাকী য়ে উল্লেখ কৰে।

কাকত খনত মূখ্য সম্পাদক মৃদুল কুমাৰ চাহুয়ে বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা বটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে নগালেণ্ড বিশ্ব বিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ডঃ বলীন কোঁৱৰ, সদৌ অসম যুৱ পৰিষদৰ সভাপতি ৰমেন চৌধুৰী, অসম তথ্য ও জনসংযোগ কর্মচাৰী সন্হাৰ কেন্দ্রীয় সম্পাদক নীলমণি দাস, ইতিয়ান এক্সপ্রেস কাকত গোষ্ঠীৰ প্ৰৱন্ধক বিপুল কলিতা, আৰ্টফেদৰ উপাধ্যক্ষ প্ৰহ্লাদ গোৱালা, অসম ৰাজ্যিক সাংবাদিক সন্হাৰ প্ৰধান সম্পাদক তথা সাংবাদিক পেঞ্চনাৰ ৰাতুল বৰা, ডঃ দীপক তাচা , ৰামনাথ ভূমিজকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখন তেই ৰাজ্য চৰকাৰৰ জলসম্পদ, তথা জনসংযোগ মন্ত্রী শ্রীযুত পীয়ুষ হাজৰিকা’ক কৰ্ম ভূষন -২০২২ ,

কৰ্মদক্ষতা বঁটা, শিক্ষয়িত্রী ভানু ভৰালী শোঁৱৰনী যুৱ সাংবাদিকতা ২০২২ বঁটা জনপ্রিয় নিউজ চেনেল এন. ডি ২৪ ৰ মূখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাক, সমাজ কৰ্মী সুফল তাচা সোৱঁৰনী শিক্ষা ৰত্ন ২০২২ বঁটা ইউ এচ টি এমৰ আচার্য্য মাননীয় সহববুল হক’ক নগালেণ্ড বিশ্ব বিদ্যালয়ৰ প্ৰাক্তন উপাচার্য্য ডঃ বলীন কোঁৱৰক প্ৰজ্ঞাৰ সাধক -২০২২ বৰ্ষ বঁটা আৰু নাৰীবাদী নেত্রী বীনাৰানী ভূমিজ সোঁৱৰণী সমাজ সেৱা বঁটা সমাজ কৰ্মী ডঃ ৰাজীৱ কুমাৰ মহত্বক প্ৰদান কৰা হয়। কুইজ মাষ্টাৰ নৱজ্যোতি ভৰালীয়ে আতধৰা উক্ত অনুষ্ঠানতেই বিশেষ ভাবে সম্বৰ্দ্ধনা জনোৱা হয় দৈনন্দিন বাৰ্তা’ৰ কাৰ্য্যবাহী সম্পাদক ডিম্পুল চুতীয়া, অসম ৰাজ্যিক সাংবাদিক সন্হাৰ প্ৰধান সম্পাদক তথা সাহিত্যিক পেঞ্চনাৰ ৰাতুল বৰা, তথ্য ও জনসংযোগ বিভাগৰ চৰাইদেউ জিলা কাৰ্য্য লয়ৰ কৰ্মচাৰী ভাস্কৰ বৰদলৈ,

অসম আদিত্য কাকতৰ সহ সম্পাদক হৰেন সোণোৱাল, যুৱ সংগঠন, টাই আহোম যুথ ফৰামৰ সভাপতি বিশ্বজিৎ গগৈ, এছিয়া বুক অফ ৰেকৰ্ডছ ত অন্তর্ভুক্তি শিশু লেখক শ্রীমান আয়ুস্মান কলিতা, আন্ত ৰাষ্ট্ৰীয় লন বল খেলুৱৈ বীমা বড়া আৰু অন্যান্য শইকীয়া কো বিশেষ ভাবে সম্বৰ্ধনা জনোৱা সভাখনত এটি সুন্দৰ পাৰ্বতি সংগীত পৰিবেশ কৰি পৰিবেশ সৌৱষ্ঠ বৃদ্ধি কৰে পূবালী শৰ্মা বৰদলৈয়ে। উল্লেখ্য যে চৰাইদেউ জিলা ৰ পৰা অধ্যয়ন তথা চাকৰি সংক্রান্তত গুৱাহাটীত থকা ছাত্র ছাত্রী সকল উক্ত অনুষ্ঠানত পূর্ণ সহযোগিতা আগবঢ়াই। টাই আহোম য়ুথ ফৰামৰ সহযোগত অনুষ্ঠিত বৰ্ষপূতি আৰু বঁটা প্ৰদান অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই কাকতৰ মূখ্য সম্পাদক মৃদুল কুমাৰ চাহুয়ে ।

Leave A Reply