Breaking

অনিতা দাস সোঁৱৰণি শৈক্ষিক ন্যাসৰ দ্বাদশ বাৰ্ষিক বঁটা প্রদান অনুষ্ঠানৰ সফল সামৰণি

0 39

ডিগবৈৰ লায়নচ ক্লাৱৰ সভা কক্ষত সোমবাৰে অনিতা দাস সোঁৱৰণি শৈক্ষিক ন্যাসৰ দ্বাদশ বঁটা প্রদান অনুষ্ঠান অনুষ্ঠিত হয়।

সাংবাদিক পল্লৱ শৰ্মাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভনিতে বৰগীত পৰিবেশন কৰা হয়।

অনিতা দাসৰ প্রতিচবিৰ সন্মুখত বন্তি প্রজ্বলন আৰু পুষ্পাঞ্জলী প্রদান কৰে মুখ্য অতিথি গড়গাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড০ ৰমানন্দ দাসে।

ডিগবৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দীপ শইকীয়াই উদ্বোধন কৰা অনুষ্ঠানত জিলা সাহিত্য সভাৰ সভাপতি মোহন মৰাণ, উপসভাপতি দ্বীপেন কুমাৰ বড়া, ডিগবৈ লায়নচ ক্লাৱৰ সভাপতি আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত তিনিচুকীয়া জিলাৰ জ্যেষ্ঠ সাংবাদিক ,জিলা সাহিত্য সভা আৰু জিলা সাংবাদিক সংস্থাৰ প্রাক্তন সভাপতি অৰ্জুন বৰুৱাক সম্বৰ্ধনা জনোৱাৰ লগতে ১২ গৰাকী মেধাৱী আৰু শিক্ষা, সাহিত্য সংস্কৃতিৰ লগত জড়িত ছাত্র ছাত্রীক শৈক্ষিক ন্যাসৰ তৰফৰ পৰা উপযুক্ত মানৱ সম্পদ হিচাপে নিজকে গঢ়ি তোলাৰ বাবে প্রেৰণা যোগোৱাৰ উদেশ্য বঁটা সমূহ প্রদান কৰে।

ইয়াৰ লগতে স্বাস্থ্য সেৱাত অৰিহনা যোগোৱা দুগৰাকী স্বাস্থ্য কৰ্মীকো সন্মানিত কৰা হয়।

ন্যাসৰ মুখ্য সমন্বয় ৰক্ষী গোপাল চন্দ্র দাসে আদৰণি ভাষণ দিয়া অনুষ্ঠানত শৈক্ষিক ন্যাসটোৰ বাৰ্ষিক মুখপত্র উন্মোচন কৰে ড০ দীপ শইকীয়াই।

অনুষ্ঠানত কেইবাগৰাকী শিল্পীয়ে গীত মাত পৰিবেশন কৰি জীপাল কৰি তোলে।

এই সভাতে ন্যাসৰ তৰফৰ পৰা ডিগবৈ মহাবিদ্যালয়ত ড০ বি আৰ আম্বেদকাৰ অধ্যয়ন কেন্দ্র স্থাপনৰ প্রস্তাৱ আগবঢ়োৱাৰ লগতে ইয়াৰ বাবে এক লাখ টকা আৰু প্রতিবছৰে বিশ হাজাৰ টকা মূল্যৰ গ্রন্থ আগবঢ়াব বুলি ন্যাসৰ মুখ্য সমন্বয় ৰক্ষী গৰাকীয়ে সদৰী কৰে।

-বিকাশ বৰুৱা,মাৰ্ঘেৰিটা

Leave A Reply