Breaking

২০৩৬ চনত অলিম্পিক অনুষ্ঠিত হ’ব গুজৰাটত ! মোদীৰ ৰাজ্যত প্ৰস্তুতি এতিয়া তুংগত…

0 46

ভাৰতত অলিম্পিক অনুষ্ঠিত কৰাটো বহুতৰে বাবে এতিয়াও স্বপ্ন হৈয়েই ৰৈছে। খেলৰ সকলো আন্তঃগাঠনি থকাৰ পিছত ভাৰতে নিঃসন্দেহে অলিম্পিক অনুষ্ঠিত কৰিব পাৰে বুলি বহুতে ধাৰণা কৰিছে। গুজৰাটত ২০৩৬ চনত অলুম্পিক অনুষ্ঠিত কৰাৰ এক দৃঢ় আয়োজন এতিয়াৰে পৰাই যেন আৰম্ভ হৈছে।

দেশৰ ক্ৰীড়া জগতৰ সৈতে জড়িত প্ৰাংশু জৈনে এই প্ৰসংগতে কয় “আমি ইতিমধ্যে যোৱা বছৰৰ ডিচেম্বৰ মাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ ওচৰত এটা অধ্যয়ন দাখিল কৰিছিলো আৰু ইয়াক অনুমোদনো জনোৱা হৈছিল। এতিয়া আমি আন্তৰ্জাতিক অলিম্পিক সমিতিৰ (আইঅ’চি) সৈতে বিষয়টো আলোচনা কৰিম। ভাৰতীয় অলিম্পিক সংস্থাৰ নতুন সমিতি গঠনৰ পিছতে সেই আলোচনা কৰা হ’ব” ।আহমেদাবাদত ২০৩৬ চনত অলিম্পিক অনুষ্ঠিত কৰাৰ সপোন পূৰণ কৰিবলৈ চৰকাৰী সংস্থা প্ৰাইচ ৱাটাৰ হাউচ কুপাৰচ (পিডব্লিউচি) দায়িত্বও দিয়া হৈছে।

আহমেদাবাদ নগৰ উন্নয়ন কৰ্তৃপক্ষই সংস্থাটোক এই কামত নিযুক্ত কৰিছিল। পিডব্লিউচি সংস্ছাটোৱে পেৰিছত ২০২৪ চনৰ অলিম্পিক আয়োজনৰ সৈতে জড়িত হৈ আছে। সংস্থাটোৱে গুজৰাটত ১৪ বছৰৰ পিছত অলিম্পিক গেমছ আয়োজনৰ উপযুক্ত আন্তঃগাঁথনি বিকশিত কৰাৰ প্ৰতিশ্ৰুতি দিছে।জৈনে লগতে কয় যে ২০৩৬ চনত অলিম্পিকৰ বাবে আয়োজক চহৰ চূড়ান্ত কৰিবলৈ কোনো নিৰ্দিষ্ট সময়সীমা নাই।

ব্ৰিছবেনক যোৱা বছৰ ২০৩২ চনৰ অলিম্পিকৰ বাবে নিৰ্বাচন কৰা হৈছে। ১২ বছৰ পূৰ্বেই এনেদৰে স্থান নিৰ্বাচন কৰা হৈছে। সেয়ে ২০৩৬ চনৰ বাবে আয়োজক চহৰখন ২০২৩-২৪ চনত চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ কয়।

Leave A Reply