Breaking

টংলা কুকুৰাকাটা এইচ এছ এল চি গাইডৰ ২২ বছৰীয়া অবিৰত যাত্রা । ১৯৯৮ৰ পৰা বৰ্তমানলৈকে মেট্রিক অনুত্তীর্ণ ছাত্র-ছাত্রী সকলৰ বাবে আশাৰ বতৰা হৈ পৰিছে কুকুৰাকাটা গাইড

0 1,086

টংলা : ওদালগুৰি জিলাৰ ভেৰগাওঁ মহকুমাৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত শৈক্ষিক দিশত উন্নত চহৰ টংলাৰ কুকুৰাকাটাত ১৯৯৮ চনতেই টংলা নিবাসী লোহি বড়োৰ নেতৃত্বত প্ৰতিষ্ঠা কৰা টংলা গাইডৰ যাত্রা আজিও অবিৰতভাবে চলি আছে। বৰ্তমানলৈকে গাইডখনৰ পৰা ওদালগুৰি জিলাৰ লগতে ওদালগুৰি জিলাৰ বাহিৰৰ বিভিন্ন অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত  অনুত্তীর্ণ ছাত্র-ছাত্রীসকলে এইখন গাইডলৈ আহি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে বিভিন্ন বিভাগত উত্তীৰ্ণ হৈ বিভিন্ন কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে। গাইডখনৰ পৰিচালন সঞ্জালক তথা অধ্যক্ষ লোহিত বড়োৰ লগত সাংবাদিকৰ এক মুখামুখি আলোচনাত লোহিত বড়োৱে কয় যে, আমি ব্যবসায়ৰ বাবে নহয় কেৱল মানৱ সম্পদ গঢ়ি তোলাৰ স্বাৰ্থত কাম কৰিছো। মানৱীয় দৃষ্টিভংগীৰে আমি মেট্ৰিক পৰীক্ষাত অনুত্তীর্ণ ছাত্র-ছাত্রীসকলক এক নতুনত্বৰ বাট দেখুৱাই দিয়াৰ বাবে আমি এই গাইডখনৰ প্ৰতিষ্ঠা কৰিছিলো আৰু আমি সফল হৈছো কাৰণ ওদালগুৰি জিলাৰ লগতে অন্য কিছু জিলাৰ পৰাও আমাৰ গাইডলৈ ছাত্র-ছাত্রীসকল আহে আৰু বৰ্তমানলৈকে প্ৰায় ৪০০০ ছাত্র-ছাত্রী এই গাইডখনৰ পৰাই উত্তীৰ্ণ হৈ উপকৃত হৈছে সেয়া আমাৰ বাবে এক আনন্দৰ বিষয়। যিসকল ছাত্র-ছাত্রী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীর্ণ হৈ আছে সেই সকলকো আমি আমাৰ গাইডৰ জড়িয়তে শিক্ষা দিবলৈ প্ৰয়াস অব্যাহত ৰাখিছোঁ। বৰ্তমান এই গাইডখনত অধ্যক্ষ হিছাপে লোহিত বড়ো, শিক্ষক প্ৰদ্বীপ সেন, গুনেন্দ্ৰ চলিহা, হিতেশ বড়ো, কিৰিতি প্ৰসাদ ৰাভা, খগেন ৰাভা, বিকাশ ৰাভা, গোপাল বড়ো আৰু ৰূপাঞ্জলী বড়োই পাঠদান কৰি আহিছে। অন্য ব্যক্তিগত বিদ্যালয়বোৰৰ তুলনাত অতি কম খৰচত প্ৰতি মাহে মাত্র ৫০০ টকা বৰঙণিৰে পাঠদান আগবঢ়োৱা গাইড খনত পাঠদান কৰা হয় গণিত, অসমীয়া, ইংৰাজী, বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়। ২০২০ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত গাইডখনৰ উত্তীৰ্ণৰ হাৰ আছিল ৮৮.২%। টংলা কুকুৰাকাটা গাইডখনে আৰম্ভণিৰ পৰা ২২ বৰ্তমানলৈকে ২২ বছৰ অতিক্রম কৰাৰ পিছতো চৰকাৰৰ পৰা কোনো ধৰণৰ সহায়ৰ হাত বিছৰা নাই বৰ্তমান  কভিড-১৯ৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি গাইডখনৰ কামকাজ বন্ধ হৈ আছে পৰবৰ্তী সময়ত চৰকাৰ নিয়ম অনুযায়ী চৰকাৰৰ অনুমতি সাপেক্ষে গাইডৰ কামকাজ আৰম্ভ কৰা হ’ব বুলি গাইড কৰ্তৃপক্ষই সংবাদ মাধ্যমক জানিবলৈ দিছে।

Leave A Reply