Breaking

অম্বুবাচী মেলা এইবছৰ কেতিয়া আৰম্ভ হ’ব? কি ক’লে মন্দিৰ পৰিচালনা কৰ্তৃপক্ষই? অম্বুবাচী মেলাৰ প্ৰস্তুতি চলিছে মা কামাখ্যা ধামত…

0 239

কামাখ্যা মন্দিৰৰ মন্দিৰ পৰিচালনা কৰ্তৃপক্ষই দেওবাৰে ঘোষণা কৰে যে অহা ২২ জুনৰ পৰা গুৱাহাটীত বাৰ্ষিক অম্বুবাচী মেলা আৰম্ভ হ’ব৷

কামাখ্যা মন্দিৰৰ মুখ্য পুৰোহিত কবীন্দ্ৰ প্ৰসাদ শৰ্মাই জনোৱা অনুসৰি, “২২ জুনত পুৱা ২:৩০ বজাৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মেলা। ২৩, ২৪ আৰু ২৫ জুনত মন্দিৰৰ মূল দুৱাৰ বন্ধ থাকিব আৰু ২৬ জুনত মুকলি কৰা হ’ব৷ যোৱা ২৮ এপ্ৰিলত কামৰূপ (মেট্ৰ’) জিলাৰ উপ আয়ুক্তৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। আমি এইবাৰৰ অম্বুবাচী মেলা উদযাপনৰ প্ৰস্তুতি আৰম্ভ কৰিছো৷”

Leave A Reply