Breaking

জাগুনৰ ৩১৫ নং অসম-অৰুণাচল জয়ৰামপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা

0 39

জাগুনৰ ৩১৫ নং অসম-অৰুণাচল জয়ৰামপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ পথ দুৰ্ঘটনা।

এখন তীব্র বেগী AS23AF9809 নম্বৰৰ মহেন্দ্ৰা থাৰ বাহনে মহতিয়াই এগৰাকী মহিলাক। থিতাতে নিহত হয় মহিলা গৰাকী।

নিহত মহিলাগৰাকীৰ নাম মীনা পুন (৪৫) ঘৰ আঠ মাইল পাৰ্বতীপুৰ বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত কৰি থাৰ বাহন খন পলাই যায় যদিও অৰুণাচল আৰক্ষীয়ে বাহনখনক জব্দ কৰিবলৈ সক্ষম হয়।

ঘটনা সংঘটিত কৰা বাহনখনৰ গৰাকী বীৰেন বৰা বুলি চিনাক্ত কৰা হৈছে।

ঘটনাস্থলীত জাগুন আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।


-পৱন দত্ত, জাগুন

Leave A Reply