Breaking

ভাৰতীয় সেনাৰ উদ্যোগত অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়নৰ ৪০ সপ্তাহৰ প্ৰশিক্ষণৰ সামৰণি

0 80

অসম আৰক্ষীত বিগত বৰ্ষত গঠন কৰা পাঁচটা বিশেষ কমাণ্ডো বেটেলিয়ানৰ বিষয়া-জোৱানসকলে সেনা বাহিনীৰ দৰে যাতে উগ্ৰপন্থী বা তেনে কাৰ্যকলাপৰ লগত জড়িত দুস্কৃতিকাৰীৰ বিৰুদ্ধে সফল অভিযান চলায় নিজ লক্ষ্যত উপনীত হ’ব পাৰে তাৰ বাবে ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত বিগত বৰ্ষৰ পৰা সেনা বাহিনীৰ তত্ত্বাবধানত কমাণ্ডো প্ৰশিক্ষণৰ ব্যৱস্থা আৰম্ভ কৰা হৈছিল।

জানিব পৰা মতে, বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ গজৰাজ কপৰ্চৰ উদ্যোগত অসম আৰক্ষীৰ পাচঁটা বিশেষ কমাণ্ডো বেটেলিয়ানৰ ২,২৮৪ জন বিষয়া – জোৱানক প্ৰশিক্ষণ দিয়া হৈছিল ।

ইয়াৰ ভিতৰত আছিল ২৭৩ জনী মহিলা কমাণ্ডো , ১৫ জনী মহিলা উপ পৰিদৰ্শক, ২৬৯ জন উপ পৰিদৰ্শক আছিল।

আনহাতে ভাৰতীয় সেনাৰ অসম আৰু মেঘালয়ৰ সাতোটা স্থানত থকা সেনাৰ সেনাৰ দক্ষ প্ৰশিক্ষক সকলে দিয়া ৪০ সপ্তাহৰ বিশেষ প্ৰশিক্ষণৰ পহিলা ছেপ্টেম্বৰত সামৰণি পৰে ।

প্ৰশিক্ষণৰ কালচোৱাত তেওঁলোকক গেৰিলা যুদ্ধৰ কৌশল, সকলো ধৰণৰ বাধা নেওচিও শত্ৰুক পৰাজিত কৰা, আইন – শৃংখলা ৰক্ষাৰ লগতে আভ্যন্তৰিণ আৰু ৰাষ্ট্ৰ বিৰোধী শক্তিক চিনাক্ত কৰি পৰাজিত কৰা, হঠাৎ শত্ৰুৰ ওপৰত আক্ৰমণ কৰা আদিৰ প্ৰশিক্ষণ দিয়া হৈছিল ।

আনহাতে পহিলা ছেপ্টেম্বৰত সামৰণি অনুষ্ঠানত অসম আৰক্ষীৰ কমাণ্ডো জোৱান জোৱান সকলে বিভিন্ন কলা-কৌশল, সমৰকলা আদি সুন্দৰকৈ পৰিদৰ্শন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। অনুষ্ঠানত তেওঁলোকে সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰে।

Leave A Reply