Breaking

মহানগৰীত ৫৪ফুট বহল পতাকাই দৃষ্টি আকৰ্ষণ কৰিছে পথচাৰীৰ …

0 26

মহানগৰীৰ মাজমজিয়াত উৰিছে এইখন ত্ৰিৰংগা। ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ উপলক্ষে এই বৃহৎ পতাকাখন নিৰ্মাণ কৰি নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ সন্মুখত এইদৰে আঁৰি থৈছে মহানগৰীৰ আঠগাঁৱৰ ব্যৱসায়ী নাজাকাট আলী চৌধুৰীয়ে।

এখন বৃহৎ ত্ৰিৰংগা। মহানগৰীৰ মাজমজিয়াত উৰিছে এইখন ত্ৰিৰংগা। ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ উপলক্ষে এই বৃহৎ পতাকাখন নিৰ্মাণ কৰি নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ সন্মুখত এইদৰে আঁৰি থৈছে মহানগৰীৰ আঠগাঁৱৰ ব্যৱসায়ী নাজাকাট আলী চৌধুৰীয়ে।

এইবাৰ দেশে স্বাধীনতা লাভ কৰাৰ ৭৬ বছৰত ভৰি দিয়া উপলক্ষে ৫৪ ফুট বহল আৰু ২২ ফুট দীঘল হিচাপত পতাকাখন নিৰ্মাণ কৰা হৈছে। প্ৰতিষ্ঠানখনৰ সন্মুখেৰে পাৰ হৈ যোৱা সকলো লোকেই এতিয়া এবাৰ হ’লেও চকু ফুৰাই গৈছে বৃহৎ পতাকাখনৰ ফালে।

দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আহ্বান অনুসৰি এতিয়া ৰঙীন হৈ পৰিছে সকলোৰে ঘৰ, বাহন, ব্যৱসায় প্ৰতিষ্ঠান। দেশপ্ৰেমৰ ভাবেৰে উদ্বুদ্ধ হৈ তিনিদিনীয়া অমৃত মহোৎসৱ পালনত অংশ লোৱা দেখা গৈছে সকলো স্তৰৰ লোককে।

Leave A Reply