Breaking

পুৰণিগুদামত অন্তৰঙ্গ আলপ অনুষ্ঠানেৰে সামৰণি পৰিল ষষ্ঠবিংশতিতম্‌ সদৌ অসম শিশু নাট প্ৰতিযোগিতা, শিশুৰ কলৰৱেৰে মুখৰিত পুৰণিগুদাম…

0 148

নগাঁৱৰ পুৰণিগুদামস্থিত ড° ভবেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী প্ৰেক্ষাগৃহত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা ষষ্ঠবিংশতিতম্‌ সদৌ অসম শিশু নাট প্ৰতিযোগিতা আৰু শিশু সাংস্কৃতিক সমাৰোহখনি দেওবাৰে নিশা অন্তৰঙ্গ আলপ অনুষ্ঠানেৰে সফল সামৰণি পৰে ৷ অসম নাট্য সন্মিলন , পুৰণিগুদাম শাখাৰ উদ্যোগত আয়োজিত প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন ঠাইৰ সৰ্বমুঠ এঘাৰটি শিশু নাট্যদলে অংশগ্ৰহণ কৰে ৷ ষষ্ঠবিংশতিতম্‌ সদৌ অসম শিশু নাট প্ৰতিযোগিতাত দলীয় আৰু এককভাৱে লাভ কৰা পুৰস্কাৰ সমূহ ক্ৰমে, প্ৰয়াত ৰামনাথ চমুৱা সোঁৱৰণী শ্ৰেষ্ঠ নাট্যদলৰ বঁটাবিজয়ী নাট্যদল ,ঐকান্তিক সাংস্কৃতিক গোষ্ঠী,পুৰণিগুদাম ; নাটক—“আকৌ ৰাম চন্দ্ৰ আহিব”৷ প্ৰয়াত ৰাজেন গোঁহাই সোঁৱৰণী দ্বিতীয় শ্ৰেষ্ঠ নাট্যদলৰ বঁটা লাভ কৰে, সমন্বয় নাট্য বিদ্যালয় ,নলবাৰীয়ে ; নাটক—“আঁহা ভাই খেলো” ৷ প্ৰয়াত হেমকান্ত হাজৰিকা সোঁৱৰণী তৃতীয় শ্ৰেষ্ঠ নাট্যদলৰ বঁটা লাভ কৰে , নাট্য প্ৰশিক্ষণ কেন্দ্ৰ ,বিশ্বনাথ চাৰিআলিয়ে , নাটক— “ধেৎ কি খেল খেল” আৰু প্ৰয়াত ফুলমাই গোস্বামী সোঁৱৰণী শ্ৰেষ্ঠ শৃঙ্খলাৱদ্ধ নাট্যদলৰ বঁটা লাভ কৰে, ইফক্ৰ, তেজপুৰে , নাটক— “যোগ বিয়োগ” ৷

প্ৰতিযোগিতাখনিত “জাকে জাকে উৰি যায় চৰাই” নামৰ নাটখনৰ জৰিয়তে নাট্যকাৰ উৎপল কুমাৰ নাথে প্ৰয়াত নৰেন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী শ্ৰেষ্ঠ নাট্যকাৰৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ৷ নাট্যদল, অসম নাট্য সন্মিলন,মধুপুৰ শাখা ৷ প্ৰয়াত তাৰিণী কলিতা সোঁৱৰণী শ্ৰেষ্ঠ পৰিচালকৰ পুৰস্কাৰ লাভ কৰে পুৰণিগুদামৰ মিন্টু কলিতাই ৷ নাটক— “আকৌ ৰাম চন্দ্ৰ আহিব” , নাট্যদল —ঐকান্তিক সাংস্কৃতিক গোষ্ঠী,পুৰণিগুদাম ৷ প্ৰয়াত অনিল শৰ্মা সোঁৱৰণী শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে চিন্ময় হাজৰিকাই , নাটক— ধেৎ কি খেল খেল”,নাট্যদল—নাট্য প্ৰশিক্ষণ কেন্দ্ৰ ,বিশ্বনাথ চাৰিআলি ৷ প্ৰয়াত তৰামাই গায়ন সোঁৱৰণী শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় , লতাশ্ৰী ব্ৰহ্মচাৰীয়ে ; নাটক—“ছাঁ” ৷ নাট্যদল, শঙ্কৰমঞ্চ , নগাঁও ৷ প্ৰয়াত নিৰঞ্জন শৰ্মা সোঁৱৰণী শ্ৰেষ্ঠ সহ: অভিনেতাৰ বঁটা লাভ কৰে ,প্ৰিয়াংকু শইকীয়াই , নাটক —“যমলোকত তাণ্ডৱ” ৷ নাট্যদল, নৱসৃষ্টি , পুৰণিগুদাম ৷ প্ৰয়াত পুলিন ফুকন সোঁৱৰণী শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় , প্ৰেৰণা শইকীয়াই , নাটক—“ আকৌ ৰামচন্দ্ৰ আহিব” , নাট্যদল , ঐকান্তিক সাংস্কৃতিক গোষ্ঠী,পুৰণিগুদাম ৷ প্ৰয়াত চুমন-পঙ্খী সোঁৱৰণী শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ বঁটা লাভ কৰে হৃষীকেশ সুতে , নাটক—“ ফচকলি ডট্‌ কম্‌” ৷ শিল্পী কানন, নগাঁও ৷ শিক্ষাবিদ প্ৰয়াত লৱদেৱ গোস্বামী সোঁৱৰণী নাট্যমঞ্চত বিয়লি ২:৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা ষষ্ঠবিংশতিতম্‌ সদৌ অসম শিশু নাট প্ৰতিযোগিতাখনি তেখেতৰ সহধৰ্ম্মিণী সমাজ সেৱীকা অজিতা গোস্বামীয়ে উদ্বোধন কৰাৰ লগতে তেখেতৰ সুযোগ্য পুত্ৰ, বৰ্তমান আমেৰিকা নিবাসী ×* গোস্বামীয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ৷ অনুষ্ঠানৰ আঁট ধৰে নাট্যকৰ্মী তথা চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হেৰম্বপ্ৰসাদ গোস্বামীয়ে ৷

প্ৰতিযোগিতাৰ অন্তত শিশু অভিনেতা, নাট্যকাৰ, পৰিচালক , অভিভাৱক আৰু উদ্যোক্তা নাট্যকৰ্মী সকলৰ মাজত এক মধুৰতম অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানটিৰ আঁট ধৰে ,জাতীয় নাট্য সাহিত্য সংগ্ৰহালয়, অসমৰ অধ্যক্ষ, হিৰণ্য কুমাৰ চমুৱাই ৷ পৰৱৰ্তী সময়ত বিশিষ্ট শিশু নাট্যকাৰ ,পৰিচালক তথা প্ৰতিযোগিতাৰ তিনি গৰাকী বিচাৰক ক্ৰমে , যতীন শইকীয়া, মৃগেন বৰা আৰু অঞ্জন , অসম নাট্য সন্মিলনৰ ৰাজ্যিক সমিতিৰ নৱ নিৰ্বাচিত সম্পাদক সন্তৰাম দাস , নগাঁও জিলা সমিতিৰ সম্পাদক তথা ৰাজ্যিক সমিতিৰ সহ:সম্পাদক সূৰুয কুমাৰ শইকীয়া ; উদ্‌যাপন সমিতিৰ সভাপতি, তৰুন বৰা, বিশিষ্ট নাট্যকৰ্মী ৰাজেন ফুকন ,দিগন্ত বৰা , দেৱজিৎ কলিতা , ৰিন্টু শৰ্মা ,প্ৰশান্ত বৰা , হোমেশ্বৰ বৰা , পৰমানন্দ বৰা প্ৰমুখ্যে বহু কেইগৰাকী নাট্য কৰ্মীৰ উপস্থিতত
পুৰস্কাৰ সমূহ প্ৰদান কৰা হয় ৷ বঁটা বিতৰণী অনুষ্ঠানটি আঁট ধৰে নাট্যকৰ্মী তথা সাংবাদিক নীলৰঞ্জন শৰ্মাই ৷ বঁটা বিজয়ী সকলক প্ৰত্যেককে একোখনকৈ মানপত্ৰ , ট্ৰফী আৰু নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰা হয় ৷প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শিশু নাট্য শিল্পীকে উদ্যোক্তা সমিতিয়ে অংশগ্ৰহণৰ প্ৰমান পত্ৰ প্ৰদান কৰে ৷ দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ অসম শিশুনাট প্ৰতিযোগিতা আৰু শাখাৰ বাৰ্ষিক অনুষ্ঠানটি যোৱা ৩০ মাৰ্চৰ পুৱা ৯:৩০ বজাত শিক্ষাবিদ প্ৰয়াত দিলীপ গোস্বামীৰ স্মৃতিত থকা অনুষ্ঠানৰ মুল তোৰণখন প্ৰয়াত দিলীপ গোস্বামীৰ সহধৰ্ম্মিণী ৰূবী গোস্বামীৰ সহযোগিতাত পেঞ্চন প্ৰাপক বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ নাথ গায়নে উন্মোচন কৰে ৷ পুৱা ৯:৪৫ বজাত সন্মিলনৰ পতাকা উত্তোলন কৰে, অসম নাট্য সন্মিলন,পুৰণিগুদাম শাখাৰ সভাপতি ৰঞ্জন তামুলীয়ে ৷ সমান্তৰালভাৱে অনুষ্ঠানটোৰ ২৬ বৰ্ষপুৰ্তি উপলক্ষে একে সময়তে শিশু নাট প্ৰতিযোগিতা উদ্‌যাপন সমিতিৰ সভাপতি তৰুণ বৰা , অসম নাট্য সন্মিলন,নগাঁও জিলা সমিতিৰ সভাপতি মনোজ বৰদলৈ সহ বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সভাপতি আৰু বিশিষ্ট নাগৰিক সকলে ২৬ খনকৈ পতাকা উত্তোলন কৰা পৰিলক্ষিত হয় ৷ অনুষ্ঠানটি আঁট ধৰে , নাট্যকৰ্মী তথা পুৰণিগুদাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক পূৰ্ণানন্দ বাৰিকে ৷পুৱা ১০:১৫ বজাত এক মাঙ্গলিক পৰিৱেশত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ অনুষ্ঠানত অসম নাট্য সন্মিলন, কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক সুৰজ কুমাৰ শইকীয়া আৰু নগাঁও জিলা সমিতিৰ সম্পাদক জিতুমণি মহন্তই পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে ৰূবী গোস্বামী, অজিতা গোস্বামী প্ৰমুখ্যে শ্ৰদ্ধেয় ব্যক্তি সকলৰ পৰিয়ালবৰ্গই উক্ত অনুষ্ঠানত পূণ্যাত্মাৰ গৰাকী সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

পুৱা ১১ বজাত অনুষ্ঠিত হয় প্ৰয়াত থানেশ্বৰ বৰা স্মৃতি শিশু সাংস্কৃতিক সমাৰোহ আৰু সম্বৰ্ধনা অনুষ্ঠান ৷ বিশিষ্ট আবৃত্তিকাৰ তথা অনাতাঁৰ ঘোষিকা পূৰৱী শইকীয়াই আঁট ধৰা উক্ত অনুষ্ঠান উদ্বোধন কৰে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপিকা ড° মঞ্জু লস্কৰে ৷ শিশুৰ কলৰৱেৰে মুখৰিত উক্ত অনুষ্ঠানত বহু কেইগৰাকী গন্যমান্য লোক উপস্থিত থাকে ৷ সন্ধ্যা ৬:৪৫ বজাত সত্ৰাধিকাৰ প্ৰয়াত লীলাকান্ত দেৱ গোস্বামী স্মৃতি নাট্যসন্ধ্যাত মেঘালী দেৱী ৰচিত আৰু পৰিচালিত “ছত্ৰভংগ” নামৰ এখন বুৰঞ্জীমুলক মঞ্চসফল নাটক মঞ্চস্থ কৰে বাচকবনীয়া নাট্যশিল্পী সকলে ৷ লাইআটি সত্ৰৰ সত্ৰাধিকাৰ তথা প্ৰয়াত লীলাকান্ত দেৱ গোস্বামী সুযোগ্য পুত্ৰ সাহিত্যিক যুগল চন্দ্ৰ দেৱগোস্বামীয়ে নাট্যমঞ্চখনি বন্তি প্ৰজ্বালনেৰে শুভাৰম্ভ কৰাৰ লগতে শুভউদ্বোধন কৰে ৷ অনুষ্ঠানৰ সফল পৰিসমাপ্তিত সদৌ অসম শিশু নাট পৰিচালনা সমিতিৰ সভাপতি , সম্পাদক ক্ৰমে তৰুন বৰা আৰু পূৰ্ণানন্দ বাৰিক ; অসম নাট্য সন্মিলনৰ সভাপতি , সম্পাদক ক্ৰমে , ৰঞ্জন তামুলী আৰু ৰাণা ভূঞাই শুভাকাংক্ষীসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ৷

Leave A Reply