Breaking

ডাম্পাৰৰ দৌৰাত্ম্যত জহি খহি যাব ধৰিছে পলাশবাৰী-গুমী মথাউৰিৰ পথ

0 80



চৰকাৰে পলাশবাৰীত ২০১২ বৰ্ষৰপৰা এডিবিৰ আৰ্থিক সাহাৰ্যত পলাশবাৰী গুমী প্ৰকল্পৰ অধীনত ফ্ৰেমাৰ তত্বাৱধানত বান খহনীয়া প্ৰতিৰোধৰ কাৰণে আঁচনি গ্ৰহণ কৰে। ২০১৭ বৰ্ষতে এক প্ৰকাৰ এই বিয়াগোম আঁচনিখনৰ কাম সমাপ্ত কৰে। চৰকাৰী হিচাপ অনুযায়ী ৯০ কৌটি টকা ব্যয় সাপেক্ষে ৫.৩ কি:মি: দৈৰ্ঘৰ পলাশবাৰীৰপৰা চিমিনা ফটুৰী মকাধূজ অঞ্চললৈ মথাউৰি নিৰ্মাণ কৰা হয়। কিন্তু এই আঁচনিখনৰ নামত থকা পলাশবাৰী পৌৰসভাৰ সমীপৰ মথাউৰিৰ পথটো নিশাৰ ভাগত ব্ৰহ্মপুত্ৰৰ মাজিৰগাঁও ঘাটৰ পৰা পলসুৱা মাটি কঢ়িওৱা একাংশ ট্ৰাক ডাম্পাৰৰ দৌৰাত্ম্যত জহি-খহি যাব ধৰা ঘটনাই নৈপৰীয়া ৰাইজৰ চকুকপালত তোলাই নহয়, এনে দৌৰাত্ম্যৰ কাৰণে নিশা ৰাইজে উজাগৰে কটাবলগীয়া হৈছে।

এনে ঘটনাত খৰ্গহস্ত হৈ একাংশ নৈপৰীয়ালোকে পলসুৱা মাটি কঢ়িওৱা ট্ৰাক ডাম্পাৰৰ দৌৰাত্ম্য নিয়ন্ত্ৰণ কৰাৰ বাবে নিশা মথাউৰিলৈ ওলাই আহে যদিও এনে দৌৰাত্ম্য ৰোধ কৰিবলৈ সক্ষম হোৱা নাই। কিয়নো মাটি কঢ়িওৱা একাংশ ব্যৱসায়ীয়ে ওলোটাই ৰাইজক আক্ৰমণ কৰিবলৈ উদ্যত হয়।

যাৰবাবে এই দৌৰাত্ম্য অঞ্চলটোত তীব্ৰ হাৰত অব্যাহত আছে। এইক্ষেত্ৰত ৰাইজে আৰক্ষী প্ৰশাসন তথা বনবিভাগকো এই ঘটনা সন্দৰ্ভদ অৱগত কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। কেতিয়াবা আৰক্ষী প্ৰশাসন তথা বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয় যদিও তেওঁলোকৰ সৈতেও  মাটি ব্যৱসায়ীৰ বাকবিতণ্ডা হোৱাৰ খবৰ আহে। প্ৰশ্ন হয় জনজীৱন বিপদাপন্ন কৰি ব্ৰহ্মপুত্ৰৰ মাজিৰগাঁওৰ পৰা মাটি কঢ়িওৱা এনে ট্ৰাক-ডাম্পাৰৰ দৌৰাত্ম্য কোনে নিয়ন্ত্ৰণ কৰিব। আনহাতে এই দৌৰাত্ম্য ৰোধ কৰিব নোৱাৰিলে এই বিয়াগোম বান খহনীয়া আঁচনিখনৰো বিফল হব বুলি মত প্ৰকাশ কৰে স্থানীয় লোকে ।

Leave A Reply