Breaking

অভিযুক্তক ৩৩ টা হত্যাৰ শাস্তি ! ১,৩১০ বছৰ কাৰাবাস…

0 60

এখন আদালতে এক অভিযুক্তক ১,৩১০ বছৰ কাৰাবাসৰ শাস্তি প্ৰদান কৰিছে। অভিযুক্তৰ বিৰুদ্ধে একাধিক হত্যাৰ অভিযোগ আছে। দেশৰ আৰক্ষী প্ৰশাসনে দীৰ্ঘদিন ধৰি হত্যাকাৰীক বিচাৰি আছিল। অৱশেষত আদালতত হত্যাকাৰীৰ ওপৰত শাস্তি ঘোষণা কৰে। এমএছ-13 হৈছে মধ্য আমেৰিকাৰ এল ছালভাডৰৰ এটা কুখ্যাত দুৰ্বৃত্ত গোট। উইলমাৰ ছেগোভিয়া সেই দলটোৰ সদস্য আছিল। হত্যাকাৰীৰ বিৰুদ্ধে মুঠ ৩৩ টা হত্যাৰ অভিযোগ আছে। এইজন হত্যাকাৰী আন নটা হত্যাৰ পৰিকল্পনাতো জড়িত আছিল। উইলমাৰৰ আন অপৰাধও আছে। এমএছ-১৩ দলৰ বিৰুদ্ধে এল ছালভাডৰৰ চৰকাৰৰ যুঁজ দীঘলীয়া।

প্ৰশাসন সেই গোটটোৰ বিভিন্ন কাৰ্যকলাপৰ বিৰুদ্ধে ব্যস্ত। দলটোৰ আন এক সদস্য আৰু কুখ্যাত গুণ্ডাক দেশৰ আদালতে ৯৪৫ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। এজন সাধাৰণ ব্যক্তি 1,310 বছৰ বা 945 বছৰ জীয়াই থকাটো সম্ভৱ নহয়। আদালতে অপৰাধৰ সংখ্যা গণনা কৰি এই শাস্তি প্ৰদান কৰিছে। যাৰ প্ৰকৃত অৰ্থ হৈছে যে অভিযুক্ত আজীৱন কাৰাগাৰত থাকিব লাগিব। প্ৰশাসনে দাবী কৰিছে যে তেওঁলোকে দলটোৰ বেছিভাগ সদস্যক কাৰাগাৰত ৰাখিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰপতি নাইব বুকেলে শেহতীয়াকৈ টুইট কৰিছিল যে এমএছ-১৩ দলৰ ২,০০০ সদস্যক নতুন কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। কাৰাগাৰত মুঠ ৪০,০০০ দোষী সাব্যস্ত অপৰাধী আছে। যিটো আমেৰিকা মহাদেশৰ অন্যতম বৃহৎ।

Leave A Reply