Breaking

জেঠ মহীয়া বানৰ কবলত সোণতলীৰ বহু অঞ্চলৰ কৃষি ভুমিঃ কৃষকৰ মাজত হাহাকাৰ ৷

0 241

সোণতলী

বিগত কেইবাদিন ধৰি হৈ থকা  মুষলাধাৰ বৰষুণৰ ফলত কলহী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ছয়গাঁও সমষ্টিৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ খেতি পথাৰ৷ জানিব পৰামতে ধাৰাসাৰ বৰষুণৰ ফলত দক্ষিণ কামৰূপত সৃষ্টি হৈছে ভয়াৱহ বানৰ৷ ভয়াৱহ বানে প্লাৱিত কৰিছে বহুসংখ্যক  ৰাজহ গাও।বিশেষকৈ দক্ষিণ কামৰূপ তথা মেঘালয় পাহাৰৰ পানী নামি অহাত কলহী, জলজলী নৈৰ পানী ওফন্দি উঠিছে৷ ইপিনে কলহী নৈৰ বাঢ়নী পানীয়ে ছয়গাঁও সমষ্টিৰ লাৰুৱাজান, চাম্পুপাৰা গাঁও, চাম্পুপাৰা পথাৰ, হাতীশলাপাম, হাতীশলা গাঁও, কৰাইবিল, চৌধুৰীপাম, টপাৰ পথাৰ, অগ্ৰদূত পাম, আদি অঞ্চলৰ ইৰিধান খেতি প্লাৱিত কৰিছে৷ কলহী নৈৰ বাঢ়নী পানীয়ে অঞ্চলসমূহৰ বাট-পথবোৰ বুৰাই পেলাইছে৷ ফলত অঞ্চলবোৰ যোগাযোগ বিচ্ছিন্ন হৈছে৷ বাঢ়নী পানীয়ে শ শ বিঘা ইৰিধান খেতি বুৰাই পেলোৱাত বহুসংখ্যক পৰিয়াল আৰ্থিকভাৱে লোকচানৰ সন্মুখীন হৈছে৷ আনহাতে বকো সমষ্টিৰ জলজলী নৈৰ বাঢ়নী পানীয়ে সোণতলী এলেকাধীন ১নং, ২নং আৰু ৩নং মালিবাৰী, ডেকাচাং, জাওকাটা, বগুৰিগুৰীৰ লগতে বহু পাৰ্শ্বৱৰ্তী অঞ্চলবোৰ প্লাৱিত কৰিছে৷ ফলত ইৰিধান খেতি সমূহ ভয়াৱহ বানে বুৰাই পেলাইছে৷ অঞ্চলবোৰৰ বাট-পথতো বানত বুৰ (ডুব) গৈছে৷ ভয়াৱহ বানৰ ফলত ছয়গাঁও, বকোৰ বানপীড়িত অঞ্চলৰ বিদ্যুৎ যোগানো ব্যাহত হোৱা বুলি জানিব পৰা গৈছে৷ আনহাতে ভয়াৱহ বান ক্ৰমান্বয়ে বৃদ্ধি পোৱাত পৰিস্থিতি জটিল ৰূপ লৈছে৷ ইফালে  ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বাঢ়ি অহাৰ ফলত সোণতলীৰ আৰিকাটি, কাছাৰীপাম, পানীখাইতী, বৰ আৰিকাটি, বেজৰসুতি, কমলাপুৰ, পল্লিমংগল, গৰৈমাৰীবিলৰজান, ৰঙাপানী, টাঙনমাৰী, চাউৰদিয়া, বৰদিয়া নয়াপাৰা আদিকে ধৰি বহু অঞ্চলৰ কৃষি সামগ্ৰী সম্পুৰ্ণভাবে বানৰ কবলত পৰিছে যাৰ বাবে কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইপিনে মুখলধাৰে হৈ থকা বৰষুণৰ ফলত কে,ডি, এম হাই স্কুলৰ খেলপথাৰখনত কৃতিম বানৰ সৃষ্টি হোৱা পৰলক্ষিত হৈছে ৷

Leave A Reply