Breaking

জোনাই-চিলাপথাৰ প্ৰেছ ক্লাবৰ সংবাদকৰ্মীৰ গছপুলি ৰোপন প্ৰকৃতি সেউজীয়া কৰণৰ লক্ষ্য ! TMPKৰ ডেৰমহীয়া বৃক্ষপুলি ৰোপন কাৰ্যসূচী…

0 16

ধেমাজি জিলাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কাৰেং চাপৰিত সংবাদকৰ্মীৰ দ্বাৰা এক গছ পুলি ৰোপণৰ কায্যসূচী গ্ৰহণ কৰা হয়। প্ৰায়  ১৬০০শ বিঘা মাটিত অৰণ্য গঢ় দিয়াৰ লক্ষ্যৰে মিচিং জাতীয় সংগঠন সদৌ মিচিং ছাত্ৰ সন্থাৰ নেতৃত্বত চলিত বৰ্ষৰ বিশ্ব ধৰিত্ৰী দিৱসৰ দিনৰ পৰা আগত্তক বিশ্ব পৰিৱেশ দিৱসৰ দিনা লৈ কেবাহেজাৰ গছপুলি ৰোপণ কৰাৰ সিন্ধান্ত গ্ৰহন কৰিছে বগীবিলৰ কাৰেং চাপৰিৰ মিচিং যুৱ মহোৎসৱ স্তলীত। ইতিমধ্যে এই কায্যসূচীত ধেমাজি জিলা আৰক্ষী অধীক্ষক, মিচিং শিল্পীসমাজ,  চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়, আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা বহু গছ পুলি ৰোপণ কৰা হৈছে।

সেই ডেৰমহীয়া যাত্ৰাৰ শুভাকাংশি হিচাপে আজি দশম দিনা চিলাপথাৰ প্ৰেছ ক্লাৱ আৰু জোনাই প্ৰেছ ক্লাৱৰ কেবাজনো সংবাদকৰ্মীয়ে ৰোপণ কৰে গছপুলি। যিসকল লোকে গছ পুলি ৰোপণ কৰিছে সেইসকলে মাথো ৰোপণৰ মাজতে সীমাবদ্ধ নাৰাখি গছ পুলিটো ডাঙৰ দীঘল কৰি তোলাত সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰাৰ বাবে  সংকল্প লোৱা দৰকাৰ বুলি মন্তব্য কৰে টিএমপিকেৰ সভাপতি তিলক দলেই।

মানৱ সভ্যতাৰ বিকাশত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱে সমাজখন বহু দূৰ আগুৱাই আনিছে যদিও ইয়াৰ বিপৰীতে গছ-গছনি ব্যাপক ৰূপত হ্ৰাস হৈ সমাজত অশনি শংকেতৰ ইংগিত বহন কৰিছে বুলি কৈ টিএমপিকেৰ এনে পদক্ষেপক শলাগ লয় জেষ্ঠ সাংবাদিক নয়নমনি মহন্তই। নিয়মীয়া বাৰ্তা, আসাম ট্ৰিবিউনৰ সংবাদকৰ্মী, শিক্ষক তথা চিলাপথাৰ প্ৰেছ ক্লাবৰ ভাৰপ্ৰাপ্ত সভাপতি গুণাধৰ দলে, ভাৰপ্ৰাপ্ত সম্পাদক লবিৰাম বৰি (এনকেটিভি), মোহন পাংগিং (এনডি২৪),মহম্মদ নামৰুজ(প্ৰতিদিন টাইম) মনিকান্ত টায়ে(টাইম৮) নিয়মীয়া বাৰ্তা, আমাৰ অসম, ইটিভি ভাৰতৰ সাংবাদিক তথা জোনাই প্ৰেছ ক্লাবৰ সম্পাদিকা কৰবী দলে, গৌতম পেগু (নিউজ লাইভ)  ধৰি বহু কেইজন সংবাদ কৰ্মীয়ে বৃক্ষপুলি ৰোপন কৰে। কাৰ্যসূচীত চিলাপথাৰ জিলা টিএমপিকেৰ সম্পাদক মানস কুলি, ৰঞ্জিত টায়েৰ লগতে বহু কৰ্মীয়ে সহযোগীতা আগবঢ়ায়।

শম্ভু দাস চিলাপথাৰ

Leave A Reply