Breaking

গুৱাহাটী কবি চক্ৰৰ বাৰ্ষিক অধিবেশন দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় চানমাৰী স্থিত পেঞ্চনাৰ ভৱনত

0 104

গুৱাহাটী : ৮ নৱেম্বৰ ২০২০ ত গুৱাহাটী কবি চক্ৰৰ বাৰ্ষিক অধিবেশন হৈ যায় চানমাৰী স্থিত পেঞ্চনাৰ ভৱনত । গুৱাহাটী কবি চক্ৰৰ কাৰ্যকৰী সভাপতি গোপাল শৰ্মাই পতাকা উত্তোলন কৰা আৰু কবি তথা সাংবাদিক অনুপ কুমাৰ তালুকদাৰৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা দিনযোৰা কাৰ্যসূচীৰ অনুষ্ঠানত কবি চক্ৰৰ বাৰ্ষিক পত্ৰিকা নীলাচল আৰু ন খন বিভিন্ন স্বাদৰ গ্ৰন্থ উন্মোচন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বড়ো সাহিত্য সভাৰ মাননীয় সভাপতি তৰেণ বড়ো দেৱ। গুৱাহাটী কবিচক্ৰৰ বাৰ্ষিক পত্ৰিকাখনৰ উন্মোচক ৰূপত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° প্ৰশান্ত শৰ্মা দেৱ, জনপ্রিয় কবি নীলিম কুমাৰ, নিখিল বিষ্ণু প্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ অধ্যক্ষ লখিন্দৰ সিনহা দেৱ , অসমৰ জাতীয় সংগীতৰ গৱেষক ৰাজীৱ হৰি কৌশিক , বিশিষ্ট সাংবাদিক মুকুল কলিতা , ইন্দ্ৰজিৎ দত্ত , বিপুল শৰ্মা দেৱে অনুষ্ঠানত উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে । বাৰ্ষিক অধিৱেশনতেই কেইবা গৰাকীও লেখক লেখিকাৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান । নাং অঞ্জনা গগৈৰ তিনিখন গ্ৰন্থ , ৰুবী শইকীয়া দাসৰ দুখন বিনোদ বড়া আৰু অঞ্জু বৰ্মনৰ একোখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় । উক্ত অনুষ্ঠানতেই নলবাৰীৰ উদিয়মান যুব কবিৰ সুৰুজ চন্দৰ পকেট আলোচনী ” বাঁ‌হী”ৰো উন্মোচন কৰে বড়ো সাহিত্য সভাৰ সভাপতি শ্ৰদ্ধাৰ তৰেণ বড়ো দেৱে । উল্লেখ যোগ্য যে অনুষ্ঠানত পৰিৱেশন কৰা গুৱাহাটী কবি চক্ৰৰ মুল গীতটি উপদেষ্টা অনুপ কুমাৰ তালুকদাৰ দেৱৰ দ্বাৰা ৰচিত আৰু গীতটিৰ সুৰ কৰে সাংবাদিক কবি গায়ক শ্ৰদ্ধাৰ ধীৰাজ ডেকাই । বিশিষ্ট কবি মুকুট শৰ্মা, দেৱৰাজ কলিতা , ড° চাৰুলতা চৌধুৰী, ৰীতা মিশ্ৰ, টেজেন হাজৰিকা, টেদিজা চেতিয়া পাটৰ, ৰীতামণি বৰদলৈ, জিন্টুমণি দাস , জয়া শইকীয়া , অলি বৰুৱা , জিতু কাঞ্চন ৰিংকু দেৱী বৰ্মন , চবিন চন্দ্ৰ নাথ , ৰঞ্জনা পাঠক , মামণি পাটোৱাৰী, পূৰৱী দেৱী, ম’মা গুপ্তা, দীপক চৌধুৰী, জিতুমণি নাথ, পিংকী কলিতা আদিকে ধৰি প্ৰায় অৰ্ধ শতাধিক কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

Leave A Reply