Breaking

নগাঁওৰ এগৰাকী প্ৰচাৰ বিমুখ শিল্পীৰ শিল্পকলাই আকৰ্ষিত কৰিছে সকলোকে

0 1,274

নগাঁও : এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া। যি গৰাকী আৰক্ষী বিষয়াই কৰ্মজীৱনত মুখামুখি হৈছে অসম আন্দোলনৰ, অসমৰ উগ্ৰপন্থী সমস্যাৰ পৰা বিভিন্ন সমস্যাৰাজিৰ লগত। সেয়ে কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পিছত এডাল কাঠত অসমৰ সমস্যাৰাজিক প্ৰকাশ কৰাৰ চেষ্টাত নিৰ্মাণ কৰিছে এটি সুন্দৰ মুৰ্ত্তি। নগাঁও চহৰৰ নিকটৱৰ্তী শেণছোৱাৰ দেৱকান্ত কলিতা নামৰ ব্যক্তিগৰাকীৰ শিল্পকলাই এতিয়া আকৰ্ষিত কৰিছে সকলোকে। স্কুলীয়া জীৱনতে নিজে সৰস্বতীৰ মুৰ্ত্তি সাঁজি পূজা অনুষ্ঠিত কৰা দেৱকান্ত কলিতাই এগৰাকী পেইণ্টাৰ হিচাপে নৱম অসম আৰক্ষী বাহিনীত যোগদান কৰিছিল যদিও তেঁও পিছলৈ সশস্ত্ৰ জোৱান হিচাপেহে আৰক্ষীত সেৱা আগবঢ়াই। কিন্তু ব্যস্ততাৰ মাজতো কলিতাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছিল বহু শিল্পকলাই। দেৱকান্ত কলিতাই কৰ্মজীৱনত তেঁওৰ সৃষ্টিৰাজিৰ বাবেই সৰ্বভাৰতীয় পৰ্য্যায়ত আৰক্ষী বিভাগে অনুষ্ঠিত কৰা প্ৰতিযোগিতাত দুবাৰকৈ শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈকো সক্ষম হৈছিল। ২০১৩বৰ্ষত আৰক্ষী পৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰা দেৱকান্ত কলিতাই হৃদৰোগত আক্ৰান্ত হৈ বাইপাছ চাৰ্জাৰী কৰিব লগা হয়। কিন্তু তাৰ পিছতো তেঁও থমকি ৰোৱা নাই। শাৰিৰীক অসুস্থতাৰ মাজতো দেৱকান্ত কলিতাই ঘৰতে বাঁহ, কাঠ আৰু চিমেন্টৰে সৃষ্টি কৰিলে বহু সুন্দৰ শিল্পকলাৰ। সুন্দৰ অইল পেইণ্টিঙৰ বাবেও আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ প্ৰশংসাৰ পাত্ৰ হোৱা দেৱকান্ত কলিতাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল বহু সুন্দৰ পেইণ্টিং। ইয়াৰ মাজতে দেৱকান্ত কলিতাই বৃহত্তৰ হাতীচোং, বেবেজীয়া, হয়বৰগাঁও আদি অঞ্চলৰ ৰাইজক নিজ হাতৰে সঁজা বহু দেব-দেৱীৰ মুৰ্ত্তি বিনামূলীয়াকৈ উপহাৰ হিচাপে আগবঢ়াই ৰাইজৰ মাজত সমাদৃত হৈছে। বৰ্তমানেও শাওন মাহ উপলক্ষে ভগৱান শিৱৰ মুৰ্ত্তি তেঁও বিনামূলীয়াকৈ ৰাইজক প্ৰদান কৰাৰ মানসৰে নিৰ্মাণ কৰাত ব্যস্ত। দেৱকান্ত কলিতাৰ নিখুত শিল্পকলা প্ৰত্যক্ষ কৰা প্ৰতিজন ব্যক্তিয়ে বৰ্তমান তেঁওৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। কিন্তু আক্ষেপৰ বিষয় এইগৰাকী মহান শিল্পীক স্বীকৃতি দিবলৈ বৰ্তমানলৈকে আগবাঢ়ি অহা নাই চৰকাৰ অথবা দল-সংগঠন। সেয়ে এইগৰাকী শিল্পীক শীঘ্ৰেই উচিত সন্মান দিয়াৰ বাবে অসমৰ শিল্পী সমাজক আহ্বান জনাইছে বৃহত্তৰ হাতীচোং তথা বেবেজীয়া অঞ্চলৰ ৰাইজে।

Leave A Reply