Breaking

বিশ্বনাথৰ প্ৰাক্তন আটছাৰ নেতা নয়নজ্যোতি মাঝিৰ বিয়োগত শোক প্ৰকাশ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ…

0 83

অসম চাহ জনজাতি ছাত্ৰ সন্থা বিশ্বনাথ শাখা সমিতিৰ একালৰ ছাত্ৰ নেতা নয়নজ্যোতি মাঝিৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে আটছা তথা অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ বিষয়ববীয়া সকলে ৷ চাহ জনগোষ্ঠীৰ জ্বলন্ত সমস্যাদিৰ ওপৰত মাত মাতি অহা মাঝিয়ে বিভিন্ন সামাজিক অনুষ্ঠান , প্ৰতিষ্ঠানৰ লগত জড়িত আছিল ৷ কদমনি গাঁৱৰ লগতে কৰ্মসূত্ৰে ঘিলাধাৰী চাহ বাগিছাত বসবাস কৰা প্ৰাক্তন আটছা নেতা গৰাকী উচ্চ শিক্ষিত যুৱক ৷ ব্যৱসায়ীক দিশৰ উপৰিও সামাজিক ভাবে সুনাম থকা যুৱক গৰাকীয়ে কিছুদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ আছিল ৷ চিকিৎসাদি কৰাৰ পাছত হঠাৎ মৃত্যুবৰন কৰে সৰবৰহী যুৱক নয়নজ্যোতি মাঝিয়ে ৷ তেওঁৰ অকাল বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰে ৷

বিভিন্ন দল সংগঠনৰ লগতে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভায়ো গভীৰ শোক প্ৰকাশ কৰে ৷ প্ৰয়াত মাঝিৰ বাসগৃহত অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সভাপতি সুচিত্ৰ পাইক , সম্পাদক সাগৰ খণ্ডাইত , তথ্য আৰু মুখ্য প্ৰচাৰ সম্পাদক কিশোৰ মাহালী আৰু প্ৰাক্তন আটছা নেতা তৰুণ নাগকে ধৰি চাৰিজনীয়া প্ৰতিনিধিৰ দলে উপস্থিত হৈ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সহমৰ্মিতা প্ৰকাশ কৰাৰ লগতে প্ৰয়াত মাঝিৰ আত্মাৰ চিৰশান্তি কামনাৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই ৷ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ এক শোক প্ৰস্তাৱ পত্ৰ প্ৰদান কৰে ৷ তেওঁৰ মৃত্যুত বৃহত্তৰ চাহ জনগোষ্ঠী সমাজৰ বাবে অপুৰণীয় ক্ষতি বুলি মত প্ৰকাশ কৰে বিষয়ববীয়া সকলে ৷

Leave A Reply