Breaking

ধেমাজি জয়ৰামপুৰ পানবাৰীৰ ঘটনাক লৈ অসম চৰকাৰৰ স্থিতিক কঠোৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ

0 64

দুৰ্বৃত্তৰ গুলীত মৃত্যু হোৱা বগা চুতীয়া আৰু মনিটু গগৈৰ পৰিয়ালক সমবেদন জ্ঞাপন কৰাৰ লগতে মনিটু গগৈ কন্যাৰ ভৰিৰ অষ্টোপচাৰৰ দায়িত্ব ললে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ডাঃ হেমহৰি প্ৰসন্ন পেগুৱে৷

বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি, লখিমপুৰ লোকসভা সমষ্টিৰ তত্ত্বাৱধায়ক জয়ন্ত কলিতা আৰু প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা ধেমাজি বিধান সভা সমষ্টিৰ তত্বাবধায়ক উৎপল গগৈ, সম্পাদক ভাস্কৰ দুৱৰাকে ধৰি এটা সজাতি দলে
ধেমাজিৰ জয়ৰামপুৰৰ অসম অৰুণাচল বিবাদমান অঞ্চল পানবাৰী পৰিভ্ৰমণ কৰে ৷

ইয়াৰ পিছতে জয়ৰামপুৰৰ পানবাৰীত অৰুনাচলীৰ গুলীত নিহত হোৱা পৰিয়াল দুটাৰ ঘৰত প্ৰদেশ কংগ্ৰেছৰ দলটোৱে উপস্থিত হৈ পৰিয়ালক সমবেদনা জনাই; লগতে মনিটু গগৈ কন্যাৰ ভৰিৰ অষ্টোপচাৰৰ দায়িত্ব ললে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ডাঃ হেমহৰি প্ৰসন্ন পেগুৱে ৷

ইফালে এই ঘটনাক লৈ অসম চৰকাৰক তীব্ৰ সমালোচনা কৰি প্ৰদেশ কংগ্ৰেছৰ সম্পাদক উৎপল গগৈয়ে কয় যে চৰকাৰে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰে কিন্তু ৰাজ্যৰ বাহিৰত গৈয়ো অন্য লোকক নমনীয় অপৰাধতো আটক কৰি আনিব পাৰে ৷

এই ঘটনাত জড়িত লোক সকলক অতি শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী তোলে সজাতি দলটোৱে৷

Leave A Reply