Breaking

কটন কলেজৰ এলমনাই ভৱনত গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোট ৰ বঁটা প্ৰদান

0 70

কটন কলেজৰ এলমনাই ভৱনত অনুষ্ঠিত এক গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত দেওবাৰে‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোট ৰ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সাহিত্য সংস্কৃতিমূলক স্বেচ্ছাসেৱী অনুষ্ঠান ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত আয়োজিত ৪০ বছৰৰ অনুৰ্ধ্বৰ কবিৰ কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতালানিৰে প্ৰতি বছৰৰ দৰে এইবছৰো ‘স্পন্দন বঁটা’ প্ৰদান কৰা হয়।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগিতালৈ অহা ২৩খন পাণ্ডুলিপিৰ ভিতৰত নলবাৰীৰ জংকি শৰ্মাক ‘অনুপস্থিতি আৰু অন্যান্য কবিতা’ শীৰ্ষক পাণ্ডুলিপিৰ বাবে ২০২৩ বৰ্ষৰ ‘লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা’ প্ৰদান কৰা হয়। আনহাতে এইবাৰৰ পৰা সংস্কৃতিৱান ব্যক্তি লক্ষেশ্বৰ হাজৰিকাৰ সোঁৱৰণত ‘যুৱ অনুপ্ৰেৰণা বঁটা’ শংকৰী সংস্কৃতি তথা ভাওনাজগতত নিষ্ঠাৰে কাম কৰি থকা অসমৰ নৱ প্ৰজন্মৰ এজন যুৱ শিল্পীলৈ আগবঢ়োৱা হয়।

লক্ষেশ্বৰ হাজৰিকা সোঁৱৰণী ‘যুৱ অনুপ্ৰেৰণা বঁটা-২০২৩’ প্ৰথমবাৰৰ বাবে লাভ কৰা যুৱ অভিনেতা, জনপ্ৰিয় ভাওনা শিল্পী যোৰহাটৰ ময়ূৰজিৎ কলিতাক প্ৰদান কৰা হয়। আনহাতে, ‘স্পন্দন…শব্দৰ পৰা হৃদয়লৈ’ৰ উদ্যোগত আয়োজিত ‘দ্বিজেন নাথ গৱেষণা গ্ৰন্থ বঁটা ২০২৩’ ‘গোৱালপাৰা দৰ্পণ’ নামৰ গ্ৰন্থৰ বাবে দিলীপ কুমাৰ শৰ্মাক প্ৰদান কৰা হয়।

গোৱালপৰীয়া লোক-সংস্কৃতিৰ গৱেষক- বিশিষ্ট সাহিত্যিক প্ৰয়াত দ্বিজেন নাথৰ সোঁৱৰণত তেখেতৰ পৰিয়ালৰ হৈ পুত্ৰ মৃদুল নাথে এই বঁটা আগবঢ়ায় । তদুপৰি ‘গোলাপ চন্দ্ৰ বৰা সোঁৱৰণী উপন্যাস বঁটা-২০২৩’ ‘জাকাৰান্দা’ উপন্যাসৰ বাবে বিপাশা বৰাক প্ৰদান কৰা হয়। স্পন্দনৰ সৌজন্যত গীতালি বৰা আৰু তেওঁৰ পৰিয়ালে তেওঁৰ পিতৃ তথা স্বামীৰ সোঁৱৰণত এই বঁটা আগবঢ়ায়।

স্পন্দনৰ সভাপতি ময়ূৰী দত্তই আঁত ধৰা সভাখনত বিশিষ্ট কবি নীলিম কুমাৰ, বিশিষ্ট কবি আনিছ উজ জামান, গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি বিভাগৰ মুৰব্বী অধ্যাপক ড০ অনিল বড়ো, সাতসৰী আলোচনীৰ কাৰ্যবাহী সম্পাদক তথা কবি-গল্পকাৰ অতনু ভট্টাচার্য, সাহিত্যিক পৰী হিলৈদাৰী য়ে উপস্থিত থাকি বঁটাসমূহ প্ৰদান কৰাৰ লগতে বক্তব্য প্ৰদান কৰে । এই সভাতে বিশিষ্ট কবি আনিছ উজ জামানক সাহিত্য সাধনাৰ বাবে জীৱনজোৰা সাহিত্য সাধনা বঁটা প্ৰদান কৰা হয়।

Leave A Reply