Breaking

শৰণীয়া আশ্ৰমত অমলপ্রভা দাস সর্বোদয় বঁটা, ডাঃ তিলোত্তমা ৰায়চৌধুৰী আৰু ডাঃ হৰিকৃষ্ণ দাস সোঁৱৰণী বঁটা প্ৰদান

0 84

অমলপ্রভা দাসৰ ১১২ সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি কস্তুৰবা ট্রাষ্ট আৰু সৰ্বোদয় ট্রাষ্টৰ যৌথ উদ্যোগত দেওবাৰে গুৱাহাটীৰ উলুবাৰীস্থিত শৰণীয়া আশ্রম চৌহদত আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত অমলপ্রভা দাস সোঁৱৰণী বঁটা, ডাঃ তিলোত্তমা ৰায়চৌধুৰী বঁটা আৰু ডাঃ হৰিকৃষ্ণ দাস সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। ২০২৩ বৰ্ষৰ অমলপ্রভা দাস সোঁৱৰণী বঁটা এইবেলি লাভ কৰিছে কস্তুৰবা ট্ৰাষ্টৰ অৱসৰপ্ৰাপ্ত সেৱিকা বুদ্ধেশ্বৰী শইকীয়াই ।

এই বঁটাত আছে ৫০ হাজাৰ টকাৰ চে’ক , ফুলাম গামোচা, সম্বৰ্দ্ধনা পত্ৰ , এৰি চাদৰ আৰু এখন শৰাই । । তেনেদৰে ২০২৩ বৰ্ষৰ ডাঃ তিলোত্তমা বায়চৌধুৰী বঁটা এইবেলি লাভ কৰিছে চিকিৎসা বিজ্ঞানত ২০২২ বৰ্ষৰ স্নাতক পৰীক্ষাত স্ত্রীৰোগ আৰু শৈল্য চিকিৎসা বিষয়ত সর্বোচ্চ নম্বৰ পোৱা চিকিৎসক তথা ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ অৰিজিত বিশ্বাস আৰু ২০২৩ বৰ্ষৰ ডাঃ হবিকৃষ্ণ দাস সোঁৱৰণী বঁটা লাভ কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ প্ৰজ্ঞা প্ৰিয়া বৰাই ।

এই বঁটাত আছে পোন্ধৰ হাজাৰ টকা, এখন সম্বৰ্দ্ধনা পত্র, এৰি চাদৰ, ফুলাম গামোচা আৰু এখন শৰাই । আনহাতে, অমলপ্রভা দাসৰ প্রতিচ্ছবিত বন্তি প্রজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত বৰগীত পৰিৱেশন কৰে দিপালী হাজৰিকাই । সর্বোচ্চ ট্রাষ্টৰ সভাপতি মোহন দাস ভাণ্ডাৰীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটো সাম্প্ৰতিকভাৱে পৰিচালনা কৰে ট্ৰাষ্টৰ সম্পাদিকা নয়ন ভাণ্ডাৰী শৰ্মাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ সমাজসেৱিকা আৰু আমাৰ ঘৰৰ পৰিচালক যুগব্ৰতা দত্তই অমলপ্রভা দাসৰ জীৱন আৰু কৰ্মৰাজিৰ সন্দর্ভত চমুকৈ আলোকপাত কৰে । আনহাতে, অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ বিশিষ্ট চিকিৎসক ডাঃ হিতেশ বৰুৱা আৰু ডা চন্দ্ৰিমা দাসে তিনিওগৰাকী মহান ব্যক্তিৰ ত্যাগ আৰু কৰ্মজীৱনৰ সন্দৰ্ভত আলোকপাত কৰে।

অনুষ্ঠানত প্ৰয়াত হেম কাকতিৰ জীৱনৰ আধাৰত প্ৰণয়ন কৰা “মাতৃভূমি গ্ৰন্থ” উন্মোচন কৰে পদ্মশ্ৰী আৰু প্ৰাক্তন বিধায়ক অজয় দত্তই । গ্ৰন্থখন সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে ক্ৰমে গ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি কুসুম বৰা মোকাশী , সহকাৰী সম্পাদিকা ডঃ অঞ্জনা চৌধুৰী শইকীয়া আৰু সম্পাদক ভীমকান্ত কোঁৱৰৰ জীয়ৰী তথা অসম অসামৰিক সেৱাৰ বিষয়া সুজতা সুচিব্ৰতাই। অনুষ্ঠানত অসমৰ সমাজ জীৱনলৈ অনন্য অৱদান আগবঢ়াই অহা বাবে ডাঃ কেশৱ দাস আৰু কণিকা বৰদলৈক সম্বৰ্ধনা জনোৱা হয়। তেনেদৰে অনুষ্ঠানত ২০০৮ বৰ্ষৰ পৰা সর্বোদয় ট্রাষ্টে গুৱাহাটীকে ধৰি কাষৰীয়া অঞ্চলৰ আর্থিকভাবে দুর্বল আৰু পিতৃ-মাতৃহীন ছাত্র-ছাত্রীক প্রদান কৰি অহা জলপানি এইবেলি ছয়গৰাকী ছাত্র-ছাত্রীক প্রদান কৰা হয়।

জলপানী লাভ কৰা ছয় গৰাকী ছাত্ৰ- ছাত্ৰী হল ক্ৰমে দক্ষিণ কামৰূপৰ ভাগৱতীপাৰাৰ মাধৱদেৱ হাইস্কুলৰ নিপন কুমাৰ, হিৰকজ্যোতি শৰ্মা আৰু ৰাজ কলিতা। পশ্চিম গুৱাহাটীৰ পশ্চিম ৰামচাৰাণী হাইস্কুলৰ বিতোপন দাস আৰু গায়ত্ৰী পাঠক। গুৱাহাটীৰ সাতগাঁও হাইস্কুলৰ নিশিতা দাস। এই জলপানি স্নাতক মহলাত অধ্যয়ন কৰাৰ সময়লৈকে বছৰি ছয় হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব। অনুষ্ঠানত মিকিকা ভূঞাই নৃত্য প্ৰদৰ্শন কৰে । আনহাতে, পূৰবী বৰুৱাই আঁত ধৰা অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়ায় কস্তুৰবা ট্রাষ্ট অসমৰ প্রতিনিধি বিউটি দাসে। ৰাষ্ট্ৰীয় সংগীতৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।

Leave A Reply