Breaking

টীয়ক সমষ্টিত যুঁজাৰ মন বিজেপিৰ ; অগপক নেৰে বিজেপি কৰ্মীয়ে : শক্তিশালী প্ৰাৰ্থীৰ তালিকাত জ্যেষ্ঠ চিকিৎসক, জ্যেষ্ঠ নেতা, অৱসৰ প্ৰাপ্ত প্ৰৱক্তাৰ নাম

0 69

হাঁহচৰা ১২ নবেম্বৰঃ অসম বিধানসভা সমাগত। অসমৰ অন্যতম এক সমষ্টি টীয়ক বৰ্তমান অগপ বিজেপি মিত্ৰজোঁটৰ অগপৰ দখলত। সমাগত নিৰ্বাচনক লক্ষ্য কৰি আসন ভাগবটোৱাৰাক লৈ জল্পনা-কল্পনা চলি থকাৰ মাজতে বৰ্তমান অগপ দলৰ দখলত থকা টীয়ক বিধান সভা সমষ্টি পুণৰ অগপক এৰি দিবলৈ সাজু নহয় বিজেপি দল। সমষ্টিটোত দীৰ্ঘদিন ধৰি সাংগঠনিক স্থিতি সৱল কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰা বিজেপি দলৰ কৰ্মীসকলে ২০২১ৰ নিৰ্বাচনত সমষ্টি টো দখল কৰিবলৈ সম্পূৰ্ণ সক্ষম বুলি দাবী কৰি কোনো কাৰণতে সমষ্টিটো মিত্ৰতাৰ নামত অসম গণপৰিষদ দলক এৰি নিদিয়ে বুলি তৃণমূলৰ কৰ্মীসকলে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, প্রথম অৱস্থাত বিজেপি দলৰ এটা সাংগঠনিক স্থিতি দুৰ্বলৰ আচিলাতে অগপ দলক এৰি দিছিল যদিও বৰ্তমান সময়ত সমষ্টি টোৰ চুকে কোনে দলীয় স্থিতি মজবুট কৰিছে দলটোৱে। কিন্তু অগপ দলৰ শক্তি আজিৰ দিনত সবল নোহোৱাৰ লগতে বিধায়িকা গৰাকীৰ বিফলতাৰ কথা এতিয়া ৰাইজৰ মুখে মুখে। উল্লেখযোগ্য এনেবোৰ কাৰকৰ ফলত এতিয়া বিজেপি দলৰ বহুকেইজন নেতা টীয়ক সমষ্টিৰ পৰা দলীয় প্ৰাৰ্থীত্বৰ প্ৰবল দাবীদাৰ। প্ৰায়কেইজন প্ৰাৰ্থীত্ব প্ৰয়াসিৰে আছে নিজস্ব ভেঁটি। সমষ্টিটোত জিলা বিজেপিৰ সম্পাদক, যুৱ নেতা অমৰজ্যোতি শইকীয়া, অসীম বৰুৱা, পালিত বৰা, জিতু হাজৰিকা প্ৰমুখ্যে বহু কেইগৰাকী নেতা দলীয় প্ৰাৰ্থিত্ব প্ৰয়াসী হিচাপে থিয় দিয়াৰ সম্ভাৱনা আছে। এইসকল হল বিজেপি দলৰ পুৰণা কৰ্মী। আনহাতে দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বিভিন্ন স্তৰত প্ৰচাৰ বিমুখ হৈ কামকৰি থকা জ্যেষ্ঠ সংঘ সদস্য তথা তামুলিচিগা ঘনকান্ত বৰা কণিষ্ঠ মহাবিদ্যালয়ৰ সদ্য অৱসৰ প্ৰাপ্ত প্ৰৱক্তা যোগেন চন্দ্ৰ কোঁচেও বিজেপি দলৰ পৰা টীয়ক সমষ্টিৰ প্ৰাথীত্ব বিচৰাৰ সম্ভাৱনা প্ৰৱল বুলি তেওঁৰ ঘনিষ্ঠ সূত্ৰৰ পৰা জানিব পৰা গৈছে। একোৰাকী শিক্ষাবিদ তথা আৰ. আৰ এছৰ এগৰাকী সক্ৰিয় কৰ্মী টীয়ক সমষ্টিৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত কাম কৰি থকা তথা আৰ এছ এছৰ ওপৰ মহলত থকা ঘনিষ্ঠতাৰ বাবেই এতিয়া কোঁচৰ আগমণে টীয়ক সমষ্টিৰ প্ৰাৰ্থীত্বৰ সমীকৰণত আউল লগোৱাৰ সম্ভাৱনা আছে। আনহাতেদি ৰাজ্যৰ এগৰাকী বিশিষ্ট কৰ্কটৰোগ বিশেষজ্ঞ ডাঃ যদুনাথ বুঢ়াগোহাঁইয়ে বহু দিন ধৰি ৰাইজৰ মাজত স্বাস্থ্য সজাগতা শিবিৰ, বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু শেহতিয়াকৈ ক’ৰোণা সংকটকালত সমষ্টিটোৰ চুকে-কাণে আৰ্তজনক সেৱা আগবঢ়োৱা এই গৰাকী চিকিৎসক বৰ্তমান বিজেপি দলৰ শক্তিশালী প্ৰাৰ্থীত্ব প্ৰয়াসী। শেহতিয়াকৈ এই গৰাকী চিকিৎসকে ইতিমধ্যে বিজেপি দলৰ বিভিন্ন দলীয় সভা সমিতিত অংশগ্ৰহণ কৰাৰ লগতে প্ৰাৰ্থীত্ব কেন্দ্ৰিক তৎপৰতা আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সমৰ্থন লাভৰ লগতে ৰাজ্যিক বিজেপিৰ সংকেত লাভ কৰিছে বুলি ভিতৰুৱা সূত্ৰৰ পৰা জানিব পৰা গৈছে।চিকিৎসক গৰাকীয়ে জনোৱা মতে সমষ্টিটোত তেওঁ আগবঢ়াই থকা বিনামূলীয়া চিকিৎসা সেৱাৰ লগত ৰাজনীতিৰ সম্বন্ধ নাই। এনে পৰিপ্ৰেক্ষিতত বিজেপিৰ ওপৰ মহলে বিজেপিৰ প্ৰাৰ্থী প্ৰদান কৰিবনে নে পুনৰ মিত্ৰতাৰ স্বাৰ্থত অগপক পুনৰ এই আসন খন এৰি দিব ই এতিয়া এক লাখটকীয়া প্ৰশ্ন ?

Leave A Reply