Breaking

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত বিজেপিৰ চৰম প্ৰতাৰণা ৷ নিৰ্বাচনৰ আগে আগে বিজেপিয়ে আকৌ দেখুৱাব ভেল্কীবাজ ৷ ৰাজ্যসভাৰ পৰৱৰ্তী অধিৱেশনত বিধেয়ক নানিলে ভয়ংকৰ হ’ব অসমৰ পৰিস্থিতি : অজিত কুমাৰ ভুঞা

0 1,303

দৈনন্দিন বাৰ্তা ডেস্ক : ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে৷ ২০১৪ চনৰ লোক সভা নিৰ্বাচনৰ কালত বঙাইগাঁৱৰ এখন জনসভাত টাই, আহোম, কোচ ৰাজবংশী, মৰান, মটক, চুতীয়া আৰু আদিবাসী  বুলি  অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰিম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদম্ভে ঘোষণা কৰিছিল ৷ তেওঁ শাষনৰ ভাৰ গ্ৰহণ কৰাৰ এশ দিনৰ ভিতৰতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰিলে৷ আজিলৈকে সেই ঘোষণা ঘোষণা হিচাপে থাকি গ’ল বাস্তৱত কাৰ্য্যকাৰী নহ’ল ৷ ইয়াৰ পিছত ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে আৰু নাগৰিকত্ব আইন সংশোধনী বিধায়ক সংসদত উথ্থাপন কৰাৰ সময়ছোৱাত সেই বৰ্ষৰ জানুৱাৰী মাহৰ ৯ তাৰিখে ৰাজ্যসভাত বিজেপি চৰকাৰৰ জনজাতীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰামে অসমৰ ছয় জনগোষ্ঠীক অনুসূচীত জনজাতিৰ মৰ্যাদা দিয়াৰ পক্ষত সংবিধান অনুসুচিত  জনজাতি নিৰ্দেশ সংশোধনী বিধেয়ক ২০১৯ উথ্থাপন কৰিছিল ৷ আচৰ্য্য কথা যে ‘কেব’ গুচি ‘কা’ হ’ল ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিধেয়কখন আজিও কেবল এখন বিধেয়ক হৈ থাকি গ’ল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ আন্তৰিকতা নাই এই মন্তব্য ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভুঞাৰ ৷ আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদ মেলত সাংসদ গৰাকীয়ে এইদৰে কয় ৷ তেওঁ কয় যে জনজাতি পৰিক্ৰমা মন্ৰালয়ৰ পৰা পোৱা তথ্যই চৰকাৰখনৰ সদিচ্ছাৰ ওপৰত সন্দেহ স্পষ্ট কৰি তুলিছে৷ উপ পঞ্জীয়ক প্ৰধান ছ’চিয়েল ষ্টাডিজৰ তৰফৰ ভাৰত চৰকাৰৰ জনজাতিয় পৰিক্ৰমা  দপ্তৰৰ সঞ্চালক চি এন্ড এল এম আই লৈ প্ৰেৰণ কৰা ৫ জানুৱাৰী ২০১৯ অফিচ মেমৰেন্ডামত স্পষ্টকৈ কোৱা হৈছে গৃহ মন্ত্ৰালয়ৰ বিশেষ সচিবৰ অধ্যক্ষাতাত ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে ২৯ ফেব্ৰুৱাৰী ২০১৬ তাৰিখে অসমৰ ছয় জনজাতিকৰণৰ আৰ্হি মডেলেটিজ সম্পৰ্কে পৰামৰ্শ দিবলৈ এখন কমিটী গঠন কৰি দিছিল৷ এই কমিটীয়ে নীতিগত কাৰণত ছয় জনগোষ্ঠীক অনুসূচীত জনজাতিৰ তালিকাভুক্ত কৰিব পৰা যায় বুলি স্পষ্ট পৰমৰ্শ আগবঢ়াইছিল৷ কেবল ইমানে নহয় অসম চৰকাৰে জনজাতিয় পৰিক্ৰমা দপ্তৰলৈ প্ৰেৰণ কৰা প্ৰস্তাবৰ আধাৰত এই ছয় জনগোষ্ঠীৰ অতিৰিক্ত নৃগোষ্ঠীগত তথ্য গৃহ মন্ত্ৰালয়ৰ বিশেষ সচিবৰ অধ্যক্ষতাত গঠিত কমিটীৰ পৰমৰ্শ আৰু পূৰ্ব লোকপিয়ল তথ্য সমুহ পুংখানুপুংখভাৱে পৰীক্ষা কৰি দিয়া মূল উদ্দেশ্য বুলি ভুঞাই উল্লেখ কৰে৷ তেওঁ পুনৰ কয় যে দেশৰ অনুসূচিত জনজাতি আয়োগৰ সহকাৰী সঞ্চালকে ৭ জানুৱাৰী ২০১৯ তাৰিখে আয়োগৰ অধ্যক্ষ আৰু অন্যান্য সকললৈ এখন পত্ৰৰ সৈতে গাঠি দিয়া আয়োগৰ ৭ জানুৱাৰী ২০১৯ ১১০ সংখ্যক বৈঠকৰ আলোচনাৰ সাৰাংশৰ ক্ৰিমক নং ৬ এই কথা অতি স্পষ্টকৈ প্ৰকাশ পাইছে কেউতা জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দি তালিকা ভুক্ত কৰিব লাগে৷ লগতে এই কথা স্পষ্ট কৰি দিয়ে যে জনজাতি পৰিক্ৰমা দপ্তৰে তেওঁলোকৰ ৫ জানুৱাৰী ২০১৮  তাৰিখৰ পত্ৰ নং ১২০২৬/০২/২০০৩ চি এন্ড এল এম যোগে প্ৰেৰণ কৰা প্ৰস্তাবক সমৰ্থন কৰে৷ পুনৰ ২০২১ অসম বিধান সভা নিৰ্বাচনত বিজেপিয়ে ছয় জনজাতিকৰণ লোভ দেখুৱাব বুলি সাংসদ অজিত কুমাৰ ভুঞাই উল্লেখ কৰে৷  এই ক্ষেত্ৰত সাংসদ গৰকীয়ে আগন্তুক ৰাজ্য সভা অধিবেশনত বিধেয়কখন উথ্থাপন কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়৷ অন্যথা এই বিষয়টোক লৈ সৃষ্টি হ’ব পৰা সকলো ধৰণৰ পৰিস্থিতিৰ বাবেই দিল্লী আৰু দিছপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰ দুখন সম্পূৰ্ণৰূপে হ’ব লাগিব বুলি ভুঞাই স্পষ্টকৈ উল্লেখ কৰে৷ উল্লেখ্য যে সংবাদ মেল খনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শান্তনু বৰঠাকুৰ, মনজিত মহন্ত উপস্থিত থাকে ৷

Leave A Reply