Breaking

নিজৰ কৰ্তব্য সমাপন কৰিবলৈ গৈ কামপুৰত কপিলীৰ বলিয়া বানত উটি যোৱা কামপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু আৰক্ষী কনিষ্টবলৰ মৃতদেহ উদ্ধাৰ

0 2,207

নিজৰ কৰ্তব্য সমাপন কৰিবলৈ গৈ কামপুৰত কপিলীৰ বলিয়া বানত উটি যোৱা কামপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু আৰক্ষী কনিষ্টবলৰ মৃতদেহ উদ্ধাৰ।দুগৰাকী সৎ,কৰ্মদক্ষ, ডেকা আৰক্ষী হেৰুৱাই মৰ্মাহত সকলো।কামপুৰ আৰক্ষী থানাত দুয়োগৰাকী আৰক্ষীক শেষ শ্ৰদ্ধাঞ্জলি কামপুৰৰ ৰাইজ আৰু সাংবাদিকৰ।নিজৰ কৰ্তব্য সমাপন কৰিবলৈ গৈ কপিলীৰ বাঢ়নী পানীত উটি গ’ল এগৰাকী আৰক্ষী বিষয়া আৰু এগৰাকী আৰক্ষী জোৱান।কপিলীৰ বলিয়া বানে উটুৱাই নিলে দুজন ডেকা আৰক্ষীক। দেওবাৰে নিশা কামপুৰ আৰক্ষী থানাৰ এটা গোচৰৰ সন্দৰ্ভত কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্জ্বল কাকতী সহ দুজন আৰক্ষী কনিষ্টবল গৈছিল থানাৰ সমীপৰে মধুপুৰত অঞ্চলত।মধুপুৰ অঞ্চলত প্ৰবেশ কৰা সময়তে হঠাৎ বাঢ়নি পানীৰ কোৱাল সোঁতত পৰি যায় কনিষ্টবল ৰাজীৱ বৰদলৈ।কনিষ্ঠবল ৰাজীৱ বৰদলৈক উদ্ধাৰ কৰিবলৈ গৈ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীও পানীৰ সোঁতত পৰি যায়৷

পিছত নিশাই কামপুৰৰ ফায়াৰ এণ্ড চাৰ্ভিচ বাহিনীৰ লোকে উদ্ধাৰ অভিযান চলাই মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৰাজীৱ বৰদলৈ নামৰ কনিষ্টবল জনক।পৰবৰ্তী সময়ত এচ ডি আৰ এফ বাহিনীয়ে আৰক্ষী বিষয়া গৰাকীক বিচাৰি অভিযান অব্যাহত ৰাখে যদিও পূৱা প্ৰায় ৯ বজাত উদ্বাৰ হয় আৰক্ষী বিষয়া সমুজ্জ্বল কাকতীৰ মৃতদেহ।উটি যোৱা স্থানতে উদ্ধাৰ হয় বিষয়া গৰাকীৰ মৃতদেহ।ডুবাৰুয়ে উদ্ধাৰ কৰিলে আৰক্ষী বিষয়া গৰাকীৰ মৃতদেহ।এগৰাকী সৎ ,ডেকা কৰ্মদক্ষ আৰক্ষী বিষয়াৰ আকস্মিক মৃত্যুয়ে মৰ্মাহত কৰি তুলিছে সকলোকে। ২৯ বছৰীয়া মৃত সমুজ্জ্বল কাকতীৰ ঘৰ গুৱাহাটীৰ চাংসাৰীত।কাকতীয়ে প্ৰায় এমাহ ,ডেৰমাহৰ পূৰ্বে বেবেজীয়া পহৰা আৰক্ষী চকীৰ পৰা বদলি হয় কামপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।এগৰাকী সৎ আৰক্ষী বিষয়া আৰু আৰক্ষী জোৱানৰ মৃত্যুত এতিয়া মৰ্মাহত হৈ পৰিছে সকলো।আনহাতে মৃত আৰক্ষী জোৱান ৰাজীৱ বৰদলৈৰ হুজ কহুৱাতলীত।ৰাজীৱ বৰদলৈৰ পৰিয়ালত আছে চাৰি বছৰীয়া কন্যা,এবছৰ দুমাহৰ এটি পুত্ৰ পত্নী আৰু মাতৃ।উল্লেখযোগ্য যে স্মাৰ্ট আৰক্ষী বুলি অভিহিত কৰা অসম আৰক্ষীক এনে দুৰ্যোগৰ অৱস্থাত কৰ্তব্য সমাপন কৰিবলৈ লাইফ জেকেট কিয় প্ৰদান কৰা নহল বুলিও এতিয়া অভিযোগ উত্থাপিত হৈছে।


ইপিনে বলিয়া বানৰ মাজতে নিজৰ দায়িত্ব সমাপন কৰিবলৈ গৈ মৃত্যুক সাৱটি লোৱা কামপুৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু আৰক্ষী জোৱান গৰাকীৰ আকস্মিক মৃত্যুত শোকাকুল হৈ পৰিছে নগাঁও বাসী ৰাইজ।মৃত আৰক্ষী দুগৰাকীক কামপুৰৰ ৰাইজ আৰু সাংবাদিক সকলে কামপুৰ আৰক্ষী থানাত পুষ্পাঞ্ছলী অৰ্পন কৰা লগতে দুয়োগৰাকীৰ আত্মাৰ সদগতি অৰ্থে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনাই।

Leave A Reply