Breaking

নগাঁৱৰ কঠীয়াতলী চিঙৰাপট্টিত হিন্দু যুৱকৰ মৃতদেহ সৎকাৰ কৰিলে সুহৃদ মুছলমান লোকে

0 39

দৈনন্দিন বাৰ্তাৰ সেৱা, টংলা, ৫ নৱেম্বৰঃ “মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে “ড: ভূপেন হাজৰিকাৰ এই কালজয়ী গীতটিৰ কথা  পুনৰ বাৰ সঁচা অৰ্থত প্ৰতিপন্ন কৰিলে নগাঁও জিলাৰ কেইগৰাকীমান সুহৃদয়বান ব্যক্তিয়ে। এফালে হিন্দু মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতি আৰু আনফালে হিন্দু যুৱকৰ মৃতদেহ সৎকাৰ সুহৃদ মুছলমান সমাজৰ।

ঘটনাৰ স্থান নগাওঁ জিলাৰ কঠীয়াতলী চিঙৰাপট্টি৷ বহুদিন ধৰি দুৰাৰোগ্য ৰোগত ভুগি মৃত্যু হোৱা ৰাজেশ কুমাৰ প্ৰসাদ নামৰ লোকজনৰ মৃতদেহ সৎকাৰ কৰিবলৈ দুই এজনৰ বাহিৰে ওলাই নাহিল হিন্দু সমাজ, যাৰ বাবে মানৱতাৰ উকৃষ্ট নিৰ্দশন ডাঙি ধৰি কালি মৃত্যু হোৱা  লোকজনৰ মৃতদেহ শ্মশানত হিন্দু পৰম্পৰাৰে সৎকাৰ কৰিলে মুছলমান সমাজে।

জানিব পৰা মতে কেউ কিছু নথকা ৰোগাক্ৰান্ত ৰাজেশক কেবামাহ ধৰি মুছলমান সমাজে চিকিৎসাৰ লগতে সকলো প্ৰকাৰৰ সহায় আগবঢ়াই আহিছিল। উল্লেখ্য যে, যি সময়ত সমগ্ৰ অসম তথা ভাৰতবৰ্ষত হিন্দু মুছলমানৰ মাজত একাংশ লোকে বিভাজনৰ ৰাজনীতি কৰি আহিছিল সেই সময়তে শংকৰ-আজানৰ দেশত হিন্দু মুছলমানৰ মাজত মহামিলনৰ এক সাক্ষী হৈ ৰ’ল কঠীয়াতলীৰ চিঙৰাপট্টিত।

নগাওঁ অসামৰিক চিকিৎসালয়ত মৃত্যু ঘটা ৰাজেশৰ মৃতদেহ  কালি নিশা সম্পূৰ্ণ হিন্দু নিয়ম নীতিৰে শ্মশানত সৎকাৰ কৰিলে মুছলমান সমাজে।

Leave A Reply