Breaking

নগাঁৱৰ মাজমজিয়াতে উৎখাত আছুৰ বহিষ্কৃত নেতাৰ দেহ ব্যৱসায়ৰ ঘাটি

0 2,053

নগাঁও চহৰত ড্রাগ্ছৰ সমান্তৰালভাৱে অব্যাহত আছে নাৰী দেহৰ ব্যৱসায়৷ দুদিনমান পূর্বে নগাঁও চহৰৰ গাতে লাগি থকা শিয়ালমাৰীত এটা নাৰী দেহৰ ব্যৱসায়ৰ চক্র উৎখাত কৰাৰ পিছত বৃহস্পতিবাৰে দুপৰীয়া নগাঁও চহৰৰ লক্ষীনগৰত নাৰী দেহৰ ব্যৱসায়ৰ লগত জড়িত চাৰিজন লোকৰ লগতে ছয়গৰাকী যুৱতীক গ্রেপ্তাৰ কৰে৷ এই অসামাজিক কার্যকলাপৰ লগত নগাঁৱৰ এজন প্রাক্তন ছাত্রনেতাৰ নাম সাঙোৰ খাই পৰাত নগাঁৱৰ সচেতন মহল স্তম্ভিত হৈ পৰিছে৷

নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্রুৱ বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে এক নির্দিষ্ট তথ্যৰ ভিত্তিত লক্ষীনগৰৰ এটা তিনি মহলীয়া ভৱনত অভিযান চলায়৷ অভিযানৰ সময়ত আৰক্ষীয়ে প্রাক্তন আছু নেতা মৃদুপৱন শইকীয়াৰ লগতে তেওঁৰ পিতৃ তথা ভৱনটোৰ গৰাকী মুৰুলি শইকীয়াকো গ্রেপ্তাৰ কৰিছে৷

উল্লেখ্য যে ধৃত মৃদু পৱন শইকীয়া নগাঁও আঞ্চলিক ছাত্র সন্থাৰ সহকাৰী সম্পাদক আছিল৷ অৱশ্যে কিছুদিন পূর্বে তেওঁক ছাত্র সন্থাৰ পৰা বহিস্কাৰ কৰা বুলি সদৌ নগাঁও জিলা ছাত্র সন্থাই জানিবলৈ দিয়ে৷ আৰক্ষীয়ে মুৰুলি শইকীয়া (৬১) আৰু মৃদু পৱন শইকীয়া (২৪)ৰ লগতে ৰূপহীহাটৰ হাতীপাৰাৰ মঃ আমৰান হুছেইন (২২), জুৰীয়া বালুচৰৰ মঃ আছাদুল ইছলাম (২১), শিয়ালমাৰী, জাজৰি হীৰা গাঁও, জুৰীয়া দাস গাঁও, মৰিগাঁৱৰ নেলী, হোজাইৰ গান্ধী মৈদান, জাজৰী বগৰীগুৰিৰ এগৰাকীকৈ যুৱতীক গ্রেপ্তাৰ কৰিছে৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা এই ব্যৱসায়ৰ লগত জড়িতসকলৰ ভিতৰত চাৰিগৰাকী বিবাহিত মহিলাও আছে৷ আৰক্ষীয়ে চক্রটোৰ পৰা ৭১,৮৫০ টকা জব্দ কৰাৰ লগতে বহু আপত্তিজনক সামগ্রী জব্দ কৰে৷

নগাঁও আৰক্ষীয়ে জনোৱা মতে, ‘‘নগাঁও চহৰৰ লক্ষীনগৰ চাৰিআলিৰ এই তিনি মহলীয়া ভৱনটোত কিছুদিনৰ পৰা অসামাজিক কাম–কাজৰ লগতে নাৰী দেহৰ ব্যৱসায় চলি আহিছে৷ আৰক্ষী সূত্রই জনোৱা মতে, ভৱনটোত একাংশ কলেজীয়া ছাত্র–ছাত্রী, যুৱক–যুৱতী ভাৰা লৈ আছে৷’’ এই সন্দর্ভত আৰক্ষীয়ে কয়, ‘‘আজি আমি ঘৰটোৰ মালিকসহ দহজনক গ্রেপ্তাৰ কৰিছোঁ৷ বাকীসকলৰ ক্ষেত্রতো শীঘ্রেই তদন্তৰ ব্যৱস্থা কৰা হ’ব৷’’

আৰক্ষী সূত্রই জনোৱা মতে, ভৱনটোৰ গৰাকী মুৰুলি শইকীয়াৰ জ্ঞাতসাৰেই ভৱনটোত নাৰী দেহৰ ৰমৰমীয়া ব্যৱসায় চলিছিল৷ এনেদৰে পিতা–পুত্র নাৰী দেহৰ ব্যৱসায়ত জড়িত হোৱা ঘটনাই সভ্য সমাজক লজ্জানত কৰি তুলিছে৷ নগাঁও চহৰৰ মাজমজিয়াত এনেদৰে দেহ ব্যৱসায়ৰ ঘাটি চলি থকা কার্যই স্পষ্ট কৰিছে নগাঁৱত অসামাজিক কাম–কাজ বহু দূৰলৈকে শিপাই আছে৷

Leave A Reply