Breaking

তৈয়াৰ কৰা হৈছে তালিকা : অযোগ্য দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক অৱসৰ ল’বলৈ বাধ্য কৰাব কেন্দ্ৰই

0 1,318

দৈনন্দিন বাৰ্তা ডেস্ক : যিসকল কৰ্মচাৰীৰ ৩০ বছৰ পূৰ্ণ কৰিছে, তেওঁলোকৰ ছাৰ্ভিচ ৰেকৰ্ড চাবলৈ সকলো বিভাগৰ সচিবক নিৰ্দেশ দিছে কেন্দ্ৰই ৷ তাৰ পৰা অযোগ্য আৰু দুর্নীতিগ্রস্ত কৰ্মচাৰীক চিহ্নিত কৰি জনস্বাৰ্থত তেওঁলোকক আগতীয়া অৱসৰ দিয়া হ’ব বুলি সিদ্ধান্ত লোৱা হৈছে ৷ কেন্দ্ৰৰ এক নিৰ্দেশনাত কোৱা হৈছে, ফাণ্ডামেণ্টাল ৰোল ৫৬ (জে), ৫৬ (এল) আৰু ১৯৭২ৰ চেণ্ট্ৰেল চিভিল ছাৰ্ভিচ (পেন্সন) ৪৮ (১) (বি) ধাৰা অনুযায়ী উপযুক্ত কৰ্তৃপক্ষৰ হাতত জনস্বাৰ্থত কোনো চৰকাৰী কৰ্মচাৰীক আগতীয়া অৱসৰ দিয়াৰ ক্ষমতা দিয়া হৈছে ৷ অৱশ্যে এয়া বাধ্যতামূলক অৱসৰৰ দৰেহে শাস্তিমূলক নহয় ৷ এই ব্যৱস্থাত কৰ্মজীৱনৰ ৩০ বছৰ পূৰ্ণ হ’লে বা কৰ্মচাৰীৰ ৫০-৫৫ বছৰ বয়স হ’লে চৰকাৰে জনস্বাৰ্থত তেওঁক আগতীয়া অৱসৰ দিব পাৰে ৷ শুকুৰবাৰে এই মৰ্মে নিৰ্দেশ জাৰি কৰা হৈছে ৷ এই নিৰ্দেশনাত দাবী কৰা হৈছে যে চৰকাৰী কৰ্মচাৰীৰ দক্ষতা নিৰিক্ষণ কৰি মাজে মাজে এই ধৰণৰ নিৰ্দেশনা জাৰি কৰা হয় ৷ নতুন নিৰ্দেশনাত সেয়া স্পষ্ট কৰা হৈছে ৷ যাতে বিভিন্ন বিভাগত ইয়াক কাৰ্যকৰী কৰা হয় তাকো নিশ্চিত কৰা হৈছে ৷ এই নিৰ্দেশ অনুযায়ী, গ্ৰুপ এ আৰু গ্ৰুপ বিৰ ক্ষেত্ৰত বয়স যদি ৫০ বছৰ হয় (যদি ৩৫ বছছৰ বয়স হোৱাৰ আগতে কামত যোগ দিয়ে) তেওঁৰ দক্ষতা পৰ্যৱেক্ষণ কৰা হ’ব ৷ নতুবা ৫৫ বছৰৰ পাচত (৩৫ বছৰ বয়সৰ পাচত কামত যোগ দিছে) সেয়াও কৰা হ’ব ৷ গ্ৰুপ চি আৰু আন স্তৰৰ ক্ষেত্ৰত (পেন্সন ৰুলৰ অন্তগৰ্ত নহ’লে) ৩০ বছৰ কৰ্মজীৱন পূৰ্ণ কৰিলে তিনি মাহৰ লিখিত জাননী আৰু বেতন আৰু ভাট্টা দি তেওঁৰ আগতীয়া অৱসৰ দিয়া হ’ব পাৰে ৷ পেন্সন ৰুলৰ অন্তর্গত যিকোনো কৰ্মচাৰীক ৩০ বছৰ কাম কৰাৰ পাচত পাৰফৰ্মমেন্স নিৰিক্ষণ কৰি অৱসৰ দিব ৷ সেইক্ষেত্ৰত তিনি মাহৰ জাননী, বেতন-ভাট্টা আৰু অৱসৰকালীন পেন্সন আৰম্ভ কৰা হ’ব ৷ প্ৰতিটো বিভাগকে তাৰ বাবে ৰেজিষ্টাৰ তৈয়াৰ কৰিবলৈ কোৱা হৈছে৷ প্ৰতি তিনি মাহত আৰম্ভণিতে ইয়াক দেখুৱাব জ্যেষ্ঠ বিষয়াক ৷ চোৱা হ’ব সংশ্লিষ্ট পদত কাম কৰাৰ দক্ষতা কৰ্মচাৰীজনৰ আছে নে নাই, তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আছে নে নাই ৷ লগতে চাব তেওঁৰ কৰ্মজীৱনৰ ছাৰ্ভিচ ৰেকৰ্ড, বাৰ্ষিক পাৰফৰ্মমেন্স এপ্ৰাইজেল ৰিপৰ্ট ৷ সংশ্লিষ্ট কৰ্মচাৰীৰ ফাইল আৰু ৰিপৰ্ট পৰীক্ষা কৰা হ’ব পাৰে ৷

Leave A Reply