Breaking

চৰিত্ৰক ভুলভাৱে দেখুৱা হৈছে , ‘আদিপুৰুষ’, নিষিদ্ধ কৰিবলৈ দাবী ৰাম মন্দিৰ কৰ্তৃপক্ষৰ

0 2,835

আদিপুৰুষ আপডেটঃ পুৰোহিত সত্যেন্দ্ৰ দাসে অভিযোগ কৰিলে, ‘টিজাৰত ৰাম আৰু ৰাৱণৰ চৰিত্ৰ যিদৰে দেখুওৱা হৈছে, তাৰ লগত পৌৰাণিক চৰিত্ৰৰ কোনো সাদৃশ্য নাই। এই চৰিত্ৰায়ন সম্পূৰ্ণ ভুল আৰু নিন্দনীয় ।

হিন্দু দেৱ-দেৱীক ভুলকৈ উপস্থাপন কৰা হৈছে, এতিয়া ‘আদিপুৰুষ’ বন্ধ কৰক। অযোধ্যাৰ ৰাম মন্দিৰত নিষিদ্ধ কৰা হৈছে এই বলীউড ছবি। শেহতীয়াকৈ মুক্তি পোৱা ১ মিনিট ৪৬ ছেকেণ্ডৰ টিজাৰত ৰাম আৰু অন্যান্য পৌৰাণিক চৰিত্ৰৰ চৰিত্ৰক ভুলকৈ দাঙি ধৰা বুলি মন্দিৰৰ অভিযোগ উত্থাপন হৈছে।

পুৰোহিত সত্যেন্দ্ৰ দাসে অভিযোগ কৰিছিল, ‘টিজাৰত ৰাম-ৰাৱণৰ চৰিত্ৰবোৰ যিদৰে দেখুওৱা হৈছে, তাৰ লগত পৌৰাণিক চৰিত্ৰবোৰৰ কোনো সাদৃশ্য নাই। এই চৰিত্ৰায়ন সম্পূৰ্ণ ভুল আৰু নিন্দনীয়। আমি এই ছবিখন নিষিদ্ধ কৰাৰ দাবী জনাইছো।’ বিজয় ৰথ যাত্ৰা উপলক্ষে ৰাম মন্দিৰলৈ আহিছিল পুৰোহিত সত্যেন্দ্ৰ দাস।

এই ছবিখন সন্দৰ্ভত বিজেপিৰ সাংসদ ব্ৰীজ ভূষণ সিঙে কয়, ‘এনে ছবি বনোৱাটো কোনো অপৰাধ নহয়। কিন্তু ইচ্ছাকৃতভাৱে ছবিখনক লৈ বিতৰ্কৰ সৃষ্টি কৰি লাভ নাই।অম ৰাউতৰ পৰিচালনাত নিৰ্মিত ‘আদিপুৰুষ’ ছবিখনত প্ৰভাসক মুখ্য চৰিত্ৰত দেখা যাব। ৰাৱণৰ চৰিত্ৰত দেখা যাব ছাইফ আলী খানক। জানকীৰ চৰিত্ৰত দেখা যাব কৃতী শ্বাননক।

Leave A Reply