Breaking

আজি কাজিৰঙাত গুৱাহাটী উচ্চ ন্যায়ালয়ে আয়োজন কৰা ‘পৰিৱেশ আৰু বহনক্ষম উন্নয়ন- ন্যায়পালিকাৰ ভূমিকা’ আৰু ‘ডিজিটাইজেছন আৰু ন্যায় ব্যৱস্থাৰ ওপৰত ইয়াৰ প্ৰভাৱ’ শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা‌…

0 60

আজি কাজিৰঙাত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চৰকাৰৰ সহযোগত আয়োজন কৰা ‘পৰিৱেশ আৰু বহনক্ষম উন্নয়ন- ন্যায়পালিকাৰ ভূমিকা’ আৰু ‘ডিজিটাইজেছন আৰু ন্যায় ব্যৱস্থাৰ ওপৰত ইয়াৰ প্ৰভাৱ’ শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনাচক্ৰৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা‌ই যথেষ্ট আনন্দিত অনুভৱ কৰে।

পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ নীতিসমূহ পালন কৰাৰ ক্ষেত্ৰত ভাৰতীয় ন্যায় ব্যৱস্থা এক গৌৰৱময় অতীতৰ অধিকাৰী আৰু কাজিৰঙাত এই আলোচনাচক্ৰ অনুষ্ঠিত কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তই জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ সন্দৰ্ভত এক শক্তিশালী বাৰ্তা বহন কৰিব। চৰকাৰে পৰিৱেশ আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ দিশ সুনিশ্চিত কৰিবলৈ ইতিমধ্যে সময়ে-সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই দুটা বিষয়ত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি আহিছে – ডিজিটেল ব্যৱস্থাৰ দ্বাৰা সমাজৰ প্ৰতিটো স্তৰৰ নাগৰিকক সুবিধা প্ৰদান আৰু সমগ্ৰ ব্যৱস্থাটোক অধিক কাৰ্যক্ষম কৰি তুলিবলৈ উপযুক্ত প্ৰযুক্তিৰ ব্যৱহাৰ।

আজিৰ এই আলোচনাচক্ৰত মাননীয় কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী শ্ৰীকিৰেণ ৰিজিজু, উচ্চতম ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশসকল শ্ৰী এম আৰ শ্বাহ, শ্ৰীসূৰ্য কান্ত, শ্ৰী এ এছ বোপান্না, শ্ৰী এছ ৰবীন্দ্ৰ ভাট, শ্ৰীঋষিকেশ ৰয়, শ্ৰীবিক্ৰম নাথ, শ্ৰী চি টি ৰবি কুমাৰ, শ্ৰী এম এম সুন্দ্ৰেশ, শ্ৰী পি এছ নৰসিংহা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় মুখ্য ন্যায়াধীশ শ্ৰী আৰ এম চ্চায়া, ভাৰতৰ বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশ আৰু বিচাৰপতিসকল, উচ্চতম ন্যায়ালয়ৰ মাননীয় বিচাৰপতি (অৱসৰপ্ৰাপ্ত) শ্ৰীমতী ইন্দিৰা বেনাৰ্জী,

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় বিচাৰপতি ন্যায়াধীশ শ্ৰীসুমন শ্যাম, অসম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশৰ মাননীয় মহাধিবক্তাসকল, ৰাজ্যৰ মাননীয় জিলা বিচাৰপতিসকল, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ মাননীয় পঞ্জীয়কসকল, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মাননীয় প্ৰাক্তন বিচাৰপতিসকল, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল আৰু ন্যায়িক বিষয়াসকলৰ লগতে অন্যান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply