Breaking

গুৱাহাটী ক্ৰীড়া সন্থাৰ আজীৱন সদস্য আৰু মুখ্য উপদেষ্টা হ’ল মুখ্যমন্ত্ৰী; ক্ৰীড়া উন্নয়নৰ পৰিকল্পনাত সহযোগিতাৰ আশ্বাস

0 79

গুৱাহাটী ক্ৰীড়া সন্থাৰ আজীৱন সদস্য হ’ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷ দেওবাৰে গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পৰেশ চন্দ্ৰ দাস আৰু সাধাৰণ সম্পাদক দেৱজিত শইকীয়াৰ নেতৃত্বত সন্থাৰ এটা প্ৰতিনিধি দলে মুখ্যমন্ত্ৰী ড° শৰ্মাক তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰি আনুষ্ঠানিকভাৱে আজীৱন সদস্য পদৰ মানপত্ৰ প্ৰদান কৰে৷

মুখ্যমন্ত্ৰীয়ে এই আজীৱন সদস্য পদ লাভ কৰি অতিশয় আনন্দিত বুলি প্ৰকাশ কৰে আৰু নিজে এসময়ত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা গুৱাহাটী ক্ৰীড়া সন্থাই তেওঁক এই সন্মানৰ বাবে বাছনি কৰাটো গৌৰৱৰ কথা বুলি কয় ৷

উল্লেখ্য যে বিগত ৬ মে’ত সন্থাৰ সাধাৰণ সভাই সৰ্বসন্মতিক্ৰমে মুখ্যমন্ত্ৰীক আজীৱন সদস্য পদ যঁচাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ আনহাতে, ১৮ জুনত হোৱা বিশেষ সাধাৰণ সভাই মুখ্যমন্ত্ৰীক সন্থাৰ মুখ্য উপদেষ্টা তথা পৃষ্ঠপোষকৰ পদো যঁচাৰ সিদ্ধান্ত লৈছিল ৷

দেওবাৰে এই বিষয়েও তেওঁক জনোৱা হয় আৰু তেওঁ এই প্ৰস্তাৱ গ্ৰহণ কৰে ৷ তেওঁ ক্ৰীড়াৰ উন্নতিৰ লগতে গুৱাহাটী ক্ৰীড়া সন্থাৰ পুৰণি গৌৰৱ ঘূৰাই অনাৰ বাবে সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আৰু ঐক্যবদ্ধভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

সন্থাৰ প্ৰতিনিধি দলটোৱে লগতে সন্থাই হাতত লোৱা পৰিকল্পনা, বিশেষকৈ ফুটবল লীগৰ পুনৰ্গঠনৰ বিষয়ে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰে ৷ সাধাৰণ সম্পাদক শইকীয়াই বৰদলৈ ট্ৰফী পুনৰুজ্জীৱিত কৰাৰ বাবে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনে আগবঢ়োৱা প্ৰস্তাৱৰ বিষয়ে জনায় ৷

মুখ্যমন্ত্ৰীয়ে এই প্ৰস্তাৱ পৰীক্ষা কৰি সিদ্ধান্ত ল’ব বুলি জনায় আৰু সন্থাৰ সকলো উন্নয়নমূলক আঁচনিত সহযোগ আগবঢ়াব বুলি কয় ৷ সন্থাৰ প্ৰতিনিধি দলটোত উপ সভাপতি ভোলা বড়ো, কোষাধ্যক্ষ অমিয় কুমাৰ কলিতা আৰু যুটীয়া সম্পাদক কাজল পাল চৌধুৰীও উপস্থিত আছিল৷

Leave A Reply