Breaking

ফৰ্মেলিন যুক্ত মাছৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী…

0 82

ৰাজ্যৰ বজাৰত আমদানিকৃত ফৰ্মেলিন যুক্ত চালানী মাছৰ পয়োভৰ ক্ষুদ্ধ হৈ পৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। বিষাক্ত ৰসায়নিক পদাৰ্থ ফৰ্মেলিনৰ পৰা হব পৰা সম্ভাব্য বিপদক লৈ উদ্বিগ্ন হৈ পৰিছে ডঃ শৰ্মা। মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিভাগৰ লগতে প্ৰশাসনক কঠোৰ নিৰ্দেশ জাৰি কৰি বজাৰত ফৰ্মেলিন যুক্ত মাছৰ অভিযোগ সত্য হ’লে আমদানিকৃত মাছ অনাত বাধা আৰোপ কৰাৰো হুংকাৰ দিয়ে। উল্লেখযোগ্য যে মীন বিভাগৰ অকৰ্মণ্যতাৰ সুযোগ লৈ অসৎ মাছ ব্যৱসায়ী চক্ৰটোৱে বিহাৰ, অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগৰ লগতে ম্যানমাৰৰ পৰা মাছ আমদানি কৰি আহিছে।

পথেৰে ট্ৰাকত অনা মাছ সমূহ পঁচি নাযাবলৈ এই চক্ৰটোৱে ফৰ্মেলিন ব্যৱহাৰ কৰি আহিছিল। ফৰ্মেলিন এনে এবিধ ৰসায়নিক পদাৰ্থ যিয়ে যিকোনো মৃতদেহৰ পচন ক্ৰিয়াত বাধা দিবলৈ সক্ষম। আনহাতে ফৰ্মেলিনে মানৱ শৰীৰৰ যকৃত, বৃক্ক, হাওঁফাওঁৰ লগতে পাকস্থলী আৰু খাদ্যনলীত মাৰাত্মক কৰ্কট ৰোগৰ সৃষ্টি কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ স্থিতিৰ সৰ্বসাধাৰণ ৰাইজে আদৰণি জনোৱা পৰিলক্ষিত হৈছে।

Leave A Reply