Breaking

কলাক্ষেত্ৰত মঞ্চস্থ হ’ল শিশুনাট “শিয়ালী পালেগৈ ৰতনপুৰ”

0 31

দেওবাৰে সন্ধিয়া ৬.৩০ বজাত পাঞ্জাবাৰীস্থিত শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ প্ৰযোজনাত, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত ‘শিয়ালী পালেগৈ ৰতনপুৰ ‘শীৰ্ষক এখনি শিশু নাট পৰিবেশিত হয়৷

নৱকান্ত বৰুৱা মূল গল্প কাহিনীৰ “শিয়ালী পালেগৈ ৰতনপুৰ”ৰ নাট্যৰূপ আৰু পৰিচালনা মানিক ৰয়ৰ৷


অসমৰ এখন আগশাৰীৰ নাট্যশিক্ষানুষ্ঠান গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলে মঞ্চস্থ কৰা নাটকখনৰ সহপৰিচালনা আছিল ৰুণুমী দেৱীৰ৷

মনদ্বীপ মহন্তৰ সংগীত পৰিচালনা, বনলতা বৈশ্যৰ নৃত্য পৰিচালনা, ধ্ৰুৱ হাজৰিকাৰ সংগীত সঞ্চালনা, অপূৰ্ব শৰ্মাৰ সাজসজ্জা, ডিম্পল দাসৰ পোহৰ তীব্ৰজ্যোতি বৈৰাগী আৰু নিতুমণি বৰাৰ ৰূপসজ্জাৰে নাটখনত শিশুশিল্পী সকলে সুন্দৰ অভিনয় কৰে৷

এই নাট সন্ধিয়াত বিশিষ্ট অতিথি হিচাপে সাহিত্যিক হৃষীকেশ গোস্বামী,শোভেশ্বৰ দাস,জিতেন শৰ্মাৰ লগতে আৰু কেইবাগৰাকীও গণ্য মান্য ব্যক্তি উপস্থিত থাকি নাট উপভোগ কৰে৷

উল্লেখযোগ্য যে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ উদ্যোগত ২জুলাইৰ পৰা ২২জুলাইলৈ বীৰকুছি নাৰেংগীস্থিত মাৰিয়া পাব্লিক স্কুলত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাখনিৰ সামৰণি পৰাত এক অনুষ্ঠানৰ আয়োজন কৰি শিক্ষাৰ্থীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়৷

আনহাতে ২৫ জুলাইৰ দিনা সন্ধিয়া ৬:৪৫ বজাত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত, গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ প্ৰযোজনাত শ্ৰীমন্তশঙ্কৰদেৱৰ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহতে গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ ন পুৰণি ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰিব নাট্যকাৰ জিতেন শৰ্মা ৰচিত তথা কনকলতা বৰুৱাৰ জীৱনগাথাঁ আধাৰিত নাট “কনকা”৷ কনকা নাটখনৰ পৰিচালনা আৰু পৰিকল্পনা মানিক ৰয়ৰ৷

Leave A Reply