Breaking

‘ক্ৰান্তিকাল প্ৰকাশন’ আৰু ‘অকণিৰ সাহিত্য সভা’ই আয়োজন কৰা শিশু কবিতা প্ৰতিযোগিতালৈ অভূতপূৰ্ব সঁহাৰি । অনলাইন কবিতা লিখা প্ৰতিযোগিতাত ১৯৭ কবিৰ ৫২২টা কবিতা ।

0 1,670

কলিয়াবৰ : মহাপুৰুষ শ্ৰীমাধৱদেৱ অসমীয়া শিশু সাহিত‍্যৰ প্ৰথমজন জনক বুলি সম্ভলত ক’ব পাৰি। তাৰ পাছত বিভিন্ন পৰিক্ৰমাৰ মাজেদি অসমীয়া শিশু সাহিত‍্যই এক সন্মানজনক অৱস্থান গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। সাহিত‍্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই “বুঢ়ীআইৰ সাধু”ৰে আৰম্ভ কৰা আধুনিক শিশু সাহিত্যৰ ধাৰাটোত সংযোগ হ’ল – সাহিত‍্যচাৰ্য‍্য মিত্ৰদেৱ মহন্ত, সাহিত‍্যচাৰ্য‍্য অতুল চন্দ্ৰ হাজৰিকা, এখুদ ককাইদেউ, নীলা বাইদেউ, কেশৱ মহন্ত, ভাবেন্দ্ৰ নাথ শইকীয়া, নুপুৰ মোমাইদেউ আদিকে ধৰি বহুজনে অসমীয়া শিশু সাহিত‍্যৰ ক্ষেত্ৰখনত অৰিহণা যোগাইছে। তদুপৰি সাহিত‍্য অকাডেমীৰ শিশু সাহিত‍্য বঁটা প্ৰাপক গগন চন্দ্ৰ অধিকাৰী, শান্তনু তামুলী, তোষপ্ৰভা কলিতা, বন্দিতা ফুকন, দীনেশ চন্দ্ৰ গোস্বামী, এলি আহমেদ, হৰিপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি, হৰেন্দ্ৰ নাথ বৰঠাকুৰ, যুগল লোচন দাস, শ্বামীম নাছৰিণে শিশু সাহিত‍্য সৃষ্টি যোগেদি তেওঁলোকৰ মেটমৰা সাহিত‍্য সম্ভাৰেৰে অসমীয়া শিশু সাহিত‍্যৰ ভঁৰাল টনকীয়াল কৰাৰ লগতে সৰ্বভাৰতীয় স্তৰতো জিলিকি উঠিছে। আন বহুজনে শিশু সাহিত‍্য চৰ্চা অব‍্যাহত ৰাখিছে। তদুপৰি কেইবাখনো অসমীয়া শিশু আলোচনীয়ে শিশুসকলক সাহিত‍্যৰ সোৱাদ দিয়াৰ চেষ্টা কৰি আহিছে। তৎস্বত্বেও শিশুসকলৰ জটিল মনোজগতৰ লগত খাপ-খোৱাই শিশু সাহিত‍্য ৰচনা কৰাতো বৰ সহজ সাধ‍্য নহয়। সেয়ে শিশু সাহিত‍্য সম্ভাৰত নতুন ৰচনা পূৰ্বৰ তুলনাত বৃদ্ধি হোৱা নাই, বৰঞ্চ লক্ষণীয়ভাবে অভাৱ ঘটিছে। সেই অভাৱ পূৰণৰ বাবে মাজে-মধ‍্যে শিশুৰ লগত জড়িত অনুষ্ঠান-প্ৰতিষ্ঠানে প্ৰচেষ্টা অব‍্যাহত ৰাখিছে। তেনে দুটি অনুষ্ঠান হৈছে অকণিৰ সাহিত‍্য সভা‌ আৰু ক্ৰান্তিকাল প্ৰকাশন। এইবেলি লকডাউনৰ জটিল সময়ছোৱাত দুয়োটা অনুষ্ঠান লগ হৈ আয়োজন কৰিলে এক শিশু কবিতা প্ৰতিযোগিতাৰ। লকডাউনে যাতে সমাজৰ চিন্তা-চেতনা, সৃষ্টিশীলতাক ৰুদ্ধ কৰিব নোৱাৰে, সেয়ে ফেচবুকৰ পৃষ্ঠাত আয়োজিত “পাঠ বা আবৃত্তি কৰিলে শুনি ভাল লগা অকণিৰ উপযোগী কবিতা”ৰ এই প্ৰতিযোগিতাত অভূতপূৰ্ব সঁহাৰি লাভ কৰে আয়োজকে। অসম তথা বহিঃ ৰাজ‍্যৰ মুঠ ১৯৭ গৰাকী কবিয়ে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰী কবিৰ কবিতাৰ সংখ‍্যা হ’ল ৫২২। এই প্ৰতিযোগিতাত গগন চন্দ্ৰ অধিকাৰী, তোষপ্ৰভা কলিতা আৰু যুগললোচন দাসেও ফেচবুক পৃষ্ঠাত কবিতা লিখি প্ৰতিযোগীসকলক উৎসাহিত কৰে। ফেচবুক পৃষ্ঠাত লাভ কৰা কবিতা প্ৰতিযোগিতাৰ অভূতপূৰ্ব সঁহাৰিত আহ্লাদিত শিশু সাহিত‍্যিক যুগললোচন দাস। ‘সোণবালি বাগিচাৰ ভূত’ শীৰ্ষক উপন্যাসৰ বাবে ২০১৮ চনত সাহিত‍্য অকাডেমীয়ে ঘোষণা কৰা অসমীয়া ভাষাৰ শিশু সাহিত্য বঁটা লাভ কৰা যুগললোচন দাসে এনেধৰণৰ পদক্ষেপক ভূয়ষী প্ৰশংসা কৰে। উল্লেখযোগ‍্য যে, নগাঁৱৰ অগ্ৰণী গ্ৰন্থ প্ৰকাশকঢ়ক্ৰান্তিকাল প্ৰকাশনৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে ‘অকণিৰ সাহিত্য সভা’ৰ সহযোগত এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দহ গৰাকী কবিলৈ ক্ৰান্ত্ৰিকাল শিশু সাহিত্য সন্মান আগবঢ়াব। লগতে নিৰ্বাচিত এশ গৰাকী কবিৰ কবিতা একত্ৰে প্ৰকাশ কৰা হ’ব। দুয়োটা অনুষ্ঠানে আয়োজন কৰা এই প্ৰতিযোগিতাই শিশুসকলৰ সাহিত‍্য সম্ভাৰৰ ভঁৰাল টনকীয়াল কৰিব বুলি আশাবাদী অকণিৰ সাহিত‍্য সভাৰ সভাপতি পঙ্কজ বৰুৱা তথা সমন্বয়ক দুলাল বৰাই।

Leave A Reply